জলেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ আৰু গ্ৰামোন্নয়ন বিভাগৰৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী

 02/03/2022 - 17:03
 
 
 
 
লক্ষীপুৰঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ জলেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তো মঙলবাৰ পৰা অনিৰ্দিষ্টকাললৈ কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে, লগতে বিভিন্ন দাবী তথা শ্ল’গানেৰে উত্তাল কৰি তুলিছে জলেশ্বৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়।
 
উল্লেখ্য যে, ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীৰ R. O. Pৰ ব্যৱস্থা কৰা, সকলো কৰ্মচাৰীৰ সমবেতন নীতি প্ৰযোজ্য কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে। যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰী বিভাগীয়ভাৱে পৰীক্ষা পাতি নিযুক্তি প্ৰদান কৰা, আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবীৰে এইদৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে এইসকল কৰ্মচাৰীয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।