02/03/2022 - 17:50
in
নগৰবেৰাঃ নগৰবেৰাৰ টুপামাৰীত ছামচুল হকৰ নামৰ শিক্ষিত যুৱকজনে ইউটিউবত ছাই কলকাতাৰ পৰা বগৰীৰ পুলি আনি কৰিছে বিভিন্ন প্ৰজাতিৰ বগৰী খেতি। আনৰ মাটি লিজত লৈ প্ৰতি বিঘাই ৩০ হাজাৰ টকা খৰচ কৰি কৰিছে খেতি। এতিয়া বিঘাই প্ৰতি এক লাখ টকাকৈ বিক্ৰী কৰি আছে উৎপাদিত বগৰীবোৰ। মুঠ ১৪ বিঘাকৈ মাটিত বগৰী আৰু ষ্ট্ৰবেৰীৰ খেতি কৰি ছামচুল হক স্বাৱলম্বী হৈছে বুলি জানিব দিয়ে। চৰকাৰী কোনো অনুদান নোহোৱাকৈ যুৱকজনে বিভিন্ন প্ৰজাতিৰ বগৰী খেতি কৰি নিৱনুৱা যুবক সকলক দিছে আশাৰ বতৰা। নিবনুৱা সমস্যা দূৰ কৰিবলৈ হলে নিবনুৱা সকলক হাত সাৱটি বহি নাথাকি কৃষি কাৰ্যত নিয়োজিত হবলৈ আহ্বান জনায় যুৱকজনে। যুৱ কৃষক ছামচুল হকৰ এনে প্ৰচেষ্টাক অঞ্চলবাসী ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।