06/06/2019 - 20:20
in
ডিজিটেল ডেস্কঃ বিহাৰৰ ভাগলপুৰ জিলাত সংঘটিত হৈছে এক জঘন্য ঘটনা।এগৰাকী যুৱতীক প্ৰথমে বলাৎকাৰ আৰু তাৰ পিছত জীৱন্তে জ্বলালে এটা লম্পটে। শিৱনাৰায়নপুৰ থানাৰ অন্তৰ্গত নবটেলিয়াত সংঘটিত হৈছে এই ঘটনা।
ভিনিয়েকৰ জ্যেষ্ঠ ভাতৃয়ে যুৱতীগৰাকীক জ্বলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত লোকজনক। দেহৰ ৬৫ শতাংশ জ্বলি যোৱা যুৱতীগৰাকীক হস্পিতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়।