ইঞ্জিনিয়াৰিং ছাত্ৰৰ কৰ্মকাণ্ডঃ ভিডিঅ’ ভাইৰেল, ছ্যুটকেছত ভৰাই প্ৰেমিকাক হোষ্টেললৈ আনোতে ধৰা পেলালে কেয়াৰটেকাৰে

 02/04/2022 - 16:46
 
 
নিউজ ডেস্কঃ মণিপালৰ এক অভিযান্ত্ৰিক কলেজৰ ঘটনা। ছাত্ৰজন কলেজৰ হোষ্টেলত আছিল। তেওঁ নিজৰ প্ৰেমিকাক হোষ্টেললৈ নিব বিচাৰিছিল, যাৰ বাবে তেওঁ এনে এক কৌশল অৱলম্বন কৰিলে যিয়ে সকলোকে অবাক কৰিছে। কিন্তু হোষ্টেলৰ কেয়াৰটেকাৰৰ চকুৰ পৰা সাৰি যাব নোৱাৰিলে। ছাত্ৰজনে প্ৰেমিকাক এটা ট্ৰলী ছ্যুটকেছত ভৰাই হোষ্টেললৈ নিয়াৰ চেষ্টা চলাইছিল, কিন্তু বাহিৰত কেয়াৰটেকাৰে তেওঁ ধৰি লয় আৰু ছ্যুটকেছটো খুলি চকু কপালত উঠিল।এই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰা আন এজন ছাত্ৰৰ মতে, ইঞ্জিনিয়াৰিং ছাত্ৰজনে এটা ডাঙৰ ট্ৰলী ছ্যুটকেছ লৈ হোষ্টলৰ ফালে গৈ আছিল। হোষ্টেলত সোমাবৰ বাবে এন্ট্ৰী কৰাব লাগে, সেই সময়তে কেয়াৰটেকাৰৰ চকু ছ্যুটকেছটোত পৰে। কেয়াৰটেকাৰজনৰ সন্দেহ হোৱাত ছাত্ৰজনক সুধিলে যে তেওঁ ইমান ডাঙৰ ছ্যুটকেছ কিয় আনিছে আৰু ভিতৰত কি আছে। ছাত্ৰজনে প্ৰথমে কয় যে তেওঁ অনলাইনত কিছুমান সামগ্ৰী অৰ্ডাৰ কৰিছিল, সেই সামগ্ৰী আছে ছ্যুটকেছত।   
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।