সৰভোগৰ শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ জাগৰণ উৎসৱৰ সামৰণি

 06/06/2019 - 20:31

সৰভোগঃ বৰপেটা জিলাৰ সৰভোগৰ ঐতিহাসিক গৰখীয়া গোসাঁই থানত ৩১ মে'ৰ পৰা ৬ জুনলৈ সাতদিনীয়াকৈ পালন কৰিবলগীয়া জাগৰ বা জাগৰণ উৎসৱৰ সামৰণি পৰে। প্ৰতিবছৰে ১৬ জেঠৰ পৰা ২২ জেঠলৈ পালন কৰা এই উৎসৱৰ সময়ছোৱাত থানৰ অন্তৰ্ভূক্ত গাওঁ আৰু নগৰ অঞ্চলৰ লোকসকলে সম্পূৰ্ণৰূপে নিৰামিষ আহাৰ ভোজন কৰে। উল্লেখ্য যে প্ৰায় ৫০০ বছৰ পুৰণি থানখনত আৰম্ভণিৰ পৰাই জাগৰণ উৎসৱ পালন কৰি অহা হৈছে।

থানৰ পৰিচালনা সমিতিৰ সম্পাদক অমৰেন্দ্ৰ দাসে জনোৱা মতে ১৬ জেঠৰ নিশাৰ পৰা ২০ জেঠলৈ প্ৰতি নিশা সৰভোগৰ ২০ টা চুবুৰিৰ ৰাইজে পাল পাতি আহি গৰখীয়া গোসাঁইক নাম-কীৰ্ত্তনেৰে গোটেই নিশা জগাই ৰাখে। জাগৰণ উৎসৱৰ অংশ হিচাপে ২১ জেঠৰ দিনা থানৰ বিগ্ৰহ লৈ সৰভোগৰ গাঁও আৰু নগৰ অঞ্চল পৰিভ্ৰমণ কৰা হয়।

প্ৰথমে থানৰ বিগ্ৰহ দোলাত উঠাই ধৰ্মধ্বজা উৰুৱাই ভক্তপ্ৰাণ ৰাইজে নাম-কীৰ্ত্তন কৰি দক্ষিণ গণকগাড়ী গাঁৱৰ গোসাঁই কমল আলিৰ দাঁতিত থকা ৰাজাঢিপলৈ লৈ যোৱা হয়। তদুপৰি মানুহৰ ঘৰৰ পদুলি, গাঁৱৰ চুবুৰি, ৰাজহুৱা মন্দিৰ, নামঘৰ আদিত থানৰ বিগ্ৰহ ৰখাই ৰাইজে প্ৰভুৰ আশীৰ্ব্বাদ লয়।

শেষত উৎসৱৰ অন্তিমদিনা ২২ জেঠত গৰখীয়া গোসাঁই থানত অগণন ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিৰে হোমযজ্ঞ, নাম-প্ৰসংগ আদিৰে সমূহীয়া হৰিধ্বনিৰে সামৰণি পৰে জাগৰণ উৎসৱৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।