02/04/2022 - 17:45
in
মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাত ভূ-মাফিয়াৰ লুণ্ঠন ৰাজ বন বিভাগৰ চকু নপৰে। পূৰ্বতে কেইবাবাৰো বাতৰি পৰিৱেশন কৰাৰ পাছতো ভূ-মাফিয়ায় নিজ খেয়াল খুচি মতে য’তে-ত’তে পথাৰত দ গাঁত কৰাৰ লগতে, ৰাষ্ট্ৰীয় ঘাইপথত পেলাই থোৱা মাটি নিজ ইচ্ছা মতে ইটা ভাতাত বিক্ৰী কৰিছে পঙ্কী নামৰ যুৱকজনে। ইতিমধ্যে এই পঙ্কী এ পূৰ্বতে কেইবাটাও অভিযোগ আছে কিন্তু তাৰ পাছতো এই অবৈধ কাৰবাৰ অব্যাহত ৰাখিছে। জেচিবিৰো নাই কোনো ধৰণৰ নথি-পত্ৰ। বৃহৎ বৃহৎ কৰ ফাকিৰে চলাই গৈছে এই কাৰবাৰ।
একাংশ বিষয়াক মেনেজ কৰি প্ৰতিদিনে লাখ লাখ টকাৰ কৰ ফাকি দি চলাই গৈছে খনন কাৰ্য্য। যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি বিৰুদ্ধে শূণ্য সহনশীলতা নীতি অব্যাহত ৰাখিছে তেনে সময়তে মাৰ্ঘেৰিটা মহকুমাৰ ডিগবৈ বন সংমণ্ডলৰ অধিনৰ লেখাপানী আঞ্চলিক বনাঞ্চলৰ কাৰ্যালয়ৰ সমিপৰ বিভিন্ন অঞ্চলত অব্যাহত আছে ভূ মাফিয়াৰ দপদপনি। চৰকাৰি নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি নথি-পত্ৰ অবিহনে দিহিং নৈ পাৰত অব্যাহত ৰাখিছে মাটিৰ খননৰ কাৰ্য্য। লিডুৰ মোলাঙৰ বিভিন্ন অঞ্চলত এনেদৰে চলাই গৈছে অবৈধ খনন। গঢ়াখহনীয়া প্ৰবন কৃষিভূমি তথা জনবশতী এলেকাত ভূ-মাফিয়াই উম্মত মাটি খনন কাৰ্য্য নিজ ইচ্ছা অনুযায়ী চলাই গৈছে।
অন্যহাতে নথি-পত্ৰ বিহীন Star ইটা ভাটাই নদীৰ পাৰৰ গড়াখহনীয়া অঞ্চলৰ নিচেই কাষতে পানী মোটৰেৰে নদীৰ পৰা উঠাই নিজ খেয়াল খুচি মতে নদীৰ পাৰত একাংশ শ্ৰমিকৰ দ্বাৰা ইটা বনোৱাত নিয়োগ কৰিছে।চৰকাৰী নিয়ম সম্পূৰ্ণ উলংঘা কৰি নদীৰ নিচেই কাষতে ইটা ভাতা প্ৰস্তুত কৰিছে। পূৰ্বতে বিভিন্ন দল-সংগঠন স্থানীয় ব্যক্তিয়ে অভিযোগ প্ৰদান কৰাৰ পাছতো নিজ ইচ্ছা মতে অব্যাহত ৰাখিছে কাম-কাজ। ইতিমধ্যে দিহিং নৈৰ বুকুত প্ৰবাল গৰাখহনীয়া অব্যাহত থকাৰ সময়তে নদীৰ নিচেই কাষতে প্ৰায় ১০মিটাৰ আতৰত লগতে ইটা ভাতাৰ মালিকে কৃষি ভূমি, বৃহৎ বৃহৎ গছ কাটি ধ্বংস কৰি নলা মাটিৰে নিজ খেয়াল খোচি মতে বন বিভাগক মেনেজ কৰি অবৈধ মাটি খননৰ কাম অব্যাহত ৰাখিছে। যি কোনো সময়তে ঘটিব পাৰে ভয়ংকৰ দুৰ্ঘটনা। ইতিমধ্যে বিগত বাৰিষা কালত ভালে সংখ্যক কৃষি ভূমি নদীৰ বুকুত জাহ গৈছে। এতিয়া লক্ষ্যণীয় হ'ব প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব এই সকলৰ লুণ্ঠন তথা ভূ-মাফিয়াৰ বিৰুদ্ধে।