মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাবে গীতা পাঠ এগৰাকী ভক্তৰ, ইশ্বৰে শক্তি প্ৰদান কৰক হিমন্ত বিশ্ব শৰ্মাক

 02/04/2022 - 18:03
 
 
 
 বিহালীঃ ১৫ বছৰ ধৰি গীতা পাঠ কৰি অহা বিহালী সমষ্টিৰ অন্তৰ্গত ৰাংছালী গাঁৱৰ নিৰ্বাসী সোমচন্দ্ৰ বণিয়াই আজি ভকত বৈষ্ণৱক আমন্ত্ৰণ জনাই নিজৰ ঘৰতে গীতা পাঠ কৰি দীৰ্ঘায়ু আৰু মঙ্গল কামনা কৰিছে ৰাজ্যৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মা অসমৰ গৌৰৱ জাতিৰ গৌৰৱ, ধনী-দুখীয়া সকলোকে সমপৰ্যায়ৰে চাই মুখ্যমন্ত্রীগৰাকী। লগতে তেখেতে কয় যে আধ্যাত্মিক দিশতো মুখ্যমন্ত্ৰী গৰাকীৰ দিনতে অসমৰ উৱঁলি যাব ধৰা মঠ-মন্দিৰ নাম ঘৰ সমুহে প্ৰাণ পাই উঠিছে বুলি দাবী কৰিছে। সেই আজি এইগৰাকী ভক্ততে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘায়ু কামনা কৰি গীতা পাঠ কৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।