সৰুপথাৰত মন্ত্ৰী কেশৱ মহন্তৰ ১০০ খন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন

 02/04/2022 - 18:18
 
 
সৰুপথাৰঃ গোলাঘাট জিলাৰ সৰুপথাৰত আজি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ ১০০ খন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে ।
 
বৃহত্তৰ ধনশিৰি মহকুমাৰ দীৰ্ঘ দিনীয়া উন্নত মানৰ চিকিৎসালয়ৰ সমস্যা সমাধানৰ অৰ্থে আজি সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত মন্ত্ৰী কেশৱ মহন্তই মুঠ ১২ কোটি ২৮ লাখ ৫২ হেজাৰ ৪৮৭ টকা ব্যয় ৰে অত্যাধুনিক সা-সুবিধাৰে পৰিপূৰ্ণ চিকিৎসালয় খন ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে আধাৰশিলা স্থাপন কৰে ।
 
আনহাতে মন্ত্ৰী গৰাকীক সংগ দিয়ে জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা,বিধায়ক বিশ্বজিৎ ফুকন, বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বাৰ্গীয়াৰীৰ লগতে ভালে কেইজন প্ৰশাসনিকলোক উপস্থিত থাকে ।অন্য হাতে নতুনকৈ SOP নাই বুলি উল্লেখ কৰি কয় যে ৰাজ্য খনত বৰ্তমান কোভিড সংক্ৰমণৰ হাৰ কমি আহিছে ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।