02/06/2022 - 12:46
in
নগৰবেৰাঃ নগৰবেৰাৰ টুপামাৰীত প্ৰচণ্ড মাৰপিট সংঘটিত হয়। শনিবাৰে আবেলি পৰত টুপামাৰীত কন কন শিশুৰ মাজত হোৱা কাজিয়াক কেন্দ্ৰ কৰিয়েই দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয়। জানিব পৰা মতে ৩ নং টুপামাৰী গাঁওখনৰে কালাম আলী আৰু হজৰত আলীৰ শিশুৰ মাজত খেলি থক অৱস্থাতে কাজিয়াৰ সূত্ৰপাত হয়। পিছত কালামে হজৰত আলীৰ ৮ বছৰীয়া শিশুক পথাৰৰ মাজৰ দৌৰাই দৌৰাই আক্ৰমণ কৰে বুলি অভিযোগ উত্থাপন কৰে নিজৰ সৰু ভাইটিক আক্ৰমণ কৰা দেখি হজৰত আলীৰ ছোৱালী ফৰিদা খাতুনে আগবাঢ়ি যোৱাত তাইকো বেয়াকৈ মাৰধৰ কৰে। চিঞৰ-বাখৰ শুনি হজৰত আলীৰ ঘৈনিয়েক নবিৰণ নেছাইও আগবাঢ়ি যায়পিছত ধুৰন্ধৰ কালামে হজৰতৰ স্ত্ৰী নবীৰণ নেছাকো বেয়াকৈ মাৰধৰ কৰি গুৰুতৰভাৱে আঘাত কৰে। আঘাতপ্ৰাপ্ত তিনিও জনকে টুপামাৰী স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও নবিৰণ নেছাৰ অৱস্থা অধিক সংকটজনক দেখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জি এম ছি লৈ প্ৰেৰণ কৰে।