02/06/2022 - 15:56
in
লাহৰীঘাটঃ মৰিগাঁও জিলাৰ বৃহত্তৰ লাহৰীঘাট অঞ্চলৰ অতি পুৰণি অনুষ্ঠান লাহৰীঘাট চেন্ট্ৰেল লাইব্ৰেৰীৰ আজি পুৱা নৱ নিৰ্মিত ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। লাহৰীঘাট ডাক বঙলাৰ সন্মোখত ভৱনটিৰ নিৰ্মাণৰ শুভাৰম্ভ অনুষ্ঠানত অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ চান্দ মামুদ, শিক্ষক ক্ৰমে ফজল উদ্দিন ভাচানি, আব্দুল মালেক প্ৰমুখ্যে স্থানীয় বিশিষ্ঠ ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানটিৰ লগত সংগতি ৰাখি লাইব্ৰেৰীখনৰ উদ্যোগত আয়োজিত কাৰ্য্যকৰী সভাত সদস্যসকলক স্বীকৃতি পত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে, ১৯৫১ চনতে স্থাপন হোৱা লাইব্ৰেৰীখনৰ জৰিয়তে পূৰ্বতে অঞ্চলটোত বিভিন্ন শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠান আদি স্থাপিত হৈছিল।