কিয় চলমানে কাণতলীয়া চৰ শোধালে নিৰাপত্তাৰক্ষীক!

 06/06/2019 - 20:35

ডিজিটেল ডেস্ক: চলমান খানে নিৰাপত্তাৰক্ষীক শোধালে কাণতলীয়া চৰ। মিডিয়া আৰু চেলেব্ৰেটীসকলৰ বাবে বলীউদৰ ভাইজান চলমানৰ ছবি ‘ভাৰত'ৰ স্ক্ৰীনিং ৰখা হৈছিল। য'ত উপস্থিত আছিল চলমান খান।

স্ক্ৰীনিঙৰ পৰা ওলোৱা সময়ত এটি কণমানিয়ে চলমানক চাবলৈ আৰু ফটো তুলিবলৈ চলমান খানৰ ফালে আগবাঢ়িছিল৷

কিন্তু নিৰাপত্তাৰক্ষীয়ে শিশুটিক বাধা দি যথেষ্ট অভদ্ৰ আচৰণ কৰাত চলমানৰ সহ্য ন'হল৷ এই কথাত যথেষ্ট ক্ষোভিত হৈ চলমান খানে ৰাজহুৱাভাৱে নিৰাপত্তাৰক্ষীক শোধালে কাণতলীয়া চৰ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।