02/06/2022 - 18:28
in
মানকাচৰঃ দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত টুমনীৰ কস্তৰৱা গান্ধী বালিকা বিদ্যালয়ৰ উদ্যোগত আজি দুপৰীয়া ১২ বজাত সমাজত প্ৰচলিত অবৈধ বাল্যবিৱাহ প্ৰথাৰ বিৰুদ্ধে সজাগতা অভিযান আৰম্ভ কৰে। টুমনী কস্তুৰৱা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী সকলৰ লগতে প্ৰায় ১ শতাধিক ছাত্ৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন সজাগতামূলক শ্ল’গানেৰে ৰাজপথত সজাগতামূলক অভিযান চলায়। বাল্যবিবাহ বন্ধ কৰক, বাল্যবিৱাহ এক মাৰাত্মক ব্যাধি, এই কু-প্ৰথা বন্ধ কৰক, নাৰীক উপযুক্ত শিক্ষা দিয়ক আদি শ্ল’গানেৰে অভিযান চলায় উক্ত বিদ্যালয়ৰ শিক্ষযিত্ৰীৰ লগতে ছাত্ৰীসকলে।
উল্লেখ্য যে যোৱা কেইদিনমান আগতে টুমনী কস্যতৰৱা বালিকা বিদ্যালয়ৰ এজনী ছাত্ৰীক অভিভাৱকে বিদ্যালয়ৰ পৰা ঘৰত লৈ গৈ বাল্যবিৱাহত আৱদ্ধ কৰাৰ প্ৰচেষ্টা চলাইছিল যদিও উক্ত বিদ্যালয়ৰ শিক্ষত্ৰীসকলে বাল্যবিৱাহৰ উমান পাই পুনৰ ছাত্ৰীজনীক উদ্ধাৰ কৰি আনে৷ সেই উদ্দেশ্য লৈ আজি টুমনী কস্তূৰীবা গান্ধী বালিকা বিদ্যালয়ৰ পৰা দক্ষিণ শালমাৰাৰ বিভিন্ন ঠাইত হাতে হাতে প্লেকাৰ্ডলৈ সজাগতামূলক অভিযান চলায়৷ যাতে কোনো অভিভাৱকে কম বয়সত ছাত্ৰীসকলক বিবাহ পাশত আবদ্ধ নকৰাৰ তাৰে এক বাৰ্তা প্ৰেৰণ কৰিবলৈ এই সজাগতা অভিযান আৰম্ভ কৰে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।