02/07/2022 - 19:49
in
জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ পশ্চিম মূঢ়াদল গাঁও পঞ্চায়ত এলেকাত সোমবাৰে তিনিখনকৈ উন্নয়নমূলক আঁচনিৰ শুভ উদ্বোধন কৰা হয়৷ পঞ্চায়তটোৰ অন্তৰ্গত গড়বিল, চাৰিপুখৰী, ২ নং বাটমাৰী, ঔহোলাগাঁৱত দীন দয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনাৰ অধিনত চাৰিটা বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰৰ লগতে এমজিএনৰেগা আঁচনিৰ অধিনত প্ৰায় দহ লাখ টকাৰ গেদেৰীজান খ্ৰীষ্টান চাৰ্ছৰ পৰা পূৱ মূঢ়াদল সংযোগী পথ আৰু ৰঙাচকুৱা-হাটিঙাৰ স্মশানৰ পথটিৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙে।
উক্ত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী হিমাদ্ৰী দেৱী, নদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ সম্পাদক সত্যম শৰ্মাৰ লগতে ৱাৰ্ডৰ সদস্যসকলে৷ পথৰ আধাৰশিলা স্থাপন কৰি আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙে কয়- চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সৱল নেতৃত্বত আমি উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হৈছো৷ সমষ্টিটোৰ দুখীয়া দৰিদ্ৰ ৰাইজ উপকৃত হব পৰাকৈ বিধায়ক গৰাকীয়ে যি কৰ্মসূচী যুগুত কৰিছে সেইলৈ আমি অতিশয় সুখী৷ সমষ্টিটোৰ প্ৰতিটো পঞ্চায়তত চৰকাৰী আঁচনিসমূহ ৰূপায়ণত আমি সফল হোৱা বুলিও মন্তব্য কৰে আঞ্চলিক পঞ্চায়তৰ সভাপতি গৰকীয়ে৷