বকোত হাতী-মানুহৰ সংঘাতক লৈ সজাগতা সভা

 02/08/2022 - 11:13
 
 
বকোঃ বকোত আজিও অব্যাহত আছে হাতী-মানুহৰ সংঘাত। হাতী মানুহৰ এই সংঘাতৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পশ্চিম কামৰূপ বন সংমণ্ডলৰ DFO ডিম্পী বৰাই এক সজাগতা সভা অনুষ্ঠিত কৰে। এই সভাখনত বনৰীয়া হাতী আৰু মানুহক উচিত বাতাবৰণ প্ৰদান কৰাৰ লগতে বনৰীয়া হাতীৰ বাবে উপযুক্ত ব্যৱস্থা গঢ়ি তোলাৰ বাবে আলোচনা কৰা হয়।
 
বকোৰ বন্দাপাৰা জনতা প্ৰেক্ষত গৃহত অনুষ্ঠিত এই সভাত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বন বিষয়া তথা অসম গৌৰৱ বটাঁ প্রাপ্ত ধৰণীধৰ বড়ো, বকোৰ বিধায়িকা নন্দিতা দাস, WWF ৰ অমিত শর্মা, Assam elephant foundation ৰ কৌশিক বৰুৱা উপস্থিত থাকে। অঞ্চলটোত বিভিন্ন সময়ত হাতী-মানুহৰ সংঘাতত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগা হৈছে বুলি ৰাইজৰ ওচৰত প্ৰকাশ কৰে। হাতী-মানুহৰ সংঘাতৰ বিভিন্ন দিশৰ প্ৰতি লক্ষ্য ৰাখি বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু আক্ৰমণৰ পৰা বনৰীয়া হাতী সন্ত্রাসীত অঞ্চলৰ কৃষক ৰাইজে কিদৰে পৰিত্ৰাণ পাব পাৰে বা কি কি পদক্ষেপ লোৱাৰ প্রয়োজনীয়তা আছে সেই সম্বন্ধে ৰাইজক অৱগত কৰে। লগতে হাতীৰ উপদ্ৰৱত নিদ্ৰা হৰণ আৰু জৰ্জৰিত হৈ অহা বকোৰ বন্দাপাৰা অঞ্চলৰ ৰাইজে বিভিন্ন গাঁৱত হাতী উপদ্ৰৱ নিয়ন্ত্ৰণৰ হকে গঠন কৰি ৰখা ১০ টাকৈ নিয়ন্ত্ৰণ কমিটিৰ মাজত একোটাকৈ টৰ্চ লাইট বিতৰণ কৰে।
           
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।