চেঙাৰ কাছুমাৰাত মৃতদেহ সন্মুখত লৈ ৰাইজৰ উত্তাল প্ৰতিবাদ

 02/08/2022 - 13:07
 
 
 
 
নগৰবেৰাঃ নগৰবেৰাৰ ৩ নং টুপামাৰীত চাঞ্চল্য। দাবী কৰা মতে যৌতুকৰ পাঁচ লাখ টকা যোগাৰ কৰি নিদিয়াৰ বাবেই দেহত অগ্নিসংযোগ কৰি পত্নীক হত্যাৰ অভিযোগ স্বামী ইছমাইল হুছেইনৰ বিৰুদ্ধে বৰপেটাৰ চেঙাৰ কাছুমাৰাত পিতৃ পৰিয়ালৰ লোক তথা গাঁওবাসীয়ে মৃতদেহ সন্মুখত লৈ হত্যাকাৰীক ফাঁচীৰ দাবীত সোমবাৰৰ সন্ধিয়া সাৱ্যস্ত কৰেে উত্তাল প্ৰতিবাদ।
 
স্মৰ্তৱ্য যে অৰ্ধদগ্ধা মহিলা গৰাকী সংকটজনক অৱস্থাত GMCH ত কিছুদিন জীৱন-মৃত্যুৰে যুঁজি অৱশেষত সোমবাৰে শেষ নিশ্বাস এৰে। অৱশেষত কাছুমাৰাৰ পিতৃগৃহলৈ এইদৰে দুৰ্গম যাতায়তৰ বাবেই কিছুদুৰ এইদৰে সাঙীৰে একাংশই কান্ধত তুলি নিবলগীয়া হয় মহিলা গৰাকীৰ মৃতদেহটো। মৃতদেহ সন্মুখত লৈ ক্ষোভিত গাঁৱবাসীয়ে স্বামী ৩ নং টুপামাৰী গাঁৱৰ ইছমাইল হুছেইন আৰু দুই ভাই-ককাইৰ শাস্তিৰ দাবীত কাছুমাৰাত  সাৱ্যস্ত কৰে উত্তাল প্ৰতিবাদ।
 
আনহাতে দুৰ্গম যাতায়তৰ পৰিত্ৰাণ বিচাৰি গয়াই মৃতদেহৰ কাষতেই আবেদনো জনালে চৰকাৰলৈ। প্ৰাপ্ত তথ্য অনুসৰি পৰিয়ালৰ এক এজাহাৰৰ ভিত্তিত অভিযান চলাই নগৰবেৰা আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ মুল নায়ক, যৌতুকলিপ্সু স্বামী ইছমাইল হুছেইনক সোমবাৰৰ সন্ধিয়া আটক কৰিবলৈও সক্ষম হয় প্ৰশ্ন হয়-যৌতুকৰ দৰে মহাব্যাধি সমাজত আৰু কিমান দিনলৈ? দোষীয়ে ৰাইজে বিচৰা ধৰণে উপযুক্ত শাস্তি পাবনে? নে ইয়াতো সাৰি যাব আইনৰ সুৰুঙাৰে?
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।