কামপুৰ মাজৰ আটিত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

 02/08/2022 - 14:28
 
 
কামপুৰঃ কামপুৰ মাজৰ আটিত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। পূৰৱী বৰা নামৰ মহিলা গৰাকীৰ মৃত্যুত ৰহস্যৰ গোন্ধ পাইছে পূৰৱীৰ  আত্মীয়ই। পূৰবীৰ স্বামী দিলীপ বৰাই হত্যা কৰাৰ অভিযোগ। কামপুৰ আৰক্ষী থানাত গোচৰ তৰিছে পূৰবীৰ আত্মীয়ই। বৌয়েকৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ বাবেই নিজ পত্নীক হত্যা কৰিছে বুলি অভিযোগ পূৰবীৰ আত্মীয়ৰ। ইফালে অবৈধ সম্পৰ্ক নাই বুলি প্ৰকাশ কৰিছে বৌয়েকে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে অভিযুক্ত স্বামী দুলীপ বৰাক আটক কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।