02/08/2022 - 15:20
in
শালবাৰীঃ চিৰাং জিলাৰ বাসুগাঁৱত সাংবাদিক জয়ন্ত দেৱ নাথক অসম আৰক্ষীৰ কনিষ্টবল প্ৰদীপ সাহাই নিৰ্মমভাৱে প্ৰহাৰ কৰা কাৰ্যক বাক্সা জিলা সাংবাদিক সন্থাই তীব্ৰ ভাষাৰে গৰিহনা দি কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ মুছলপুৰৰ দুৰ্গামন্দিৰ প্ৰাংগনত আজি অনুষ্ঠিত প্ৰতিবাদস্থলীত অসম পুলিচ হায় হায়, সাংবাদিক নিৰ্যাতন বন্ধ কৰক, দোষী আৰক্ষীক চাকৰিৰ পৰা নিলম্বন কৰক, সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰক আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷
দোষী আৰক্ষী কনিষ্টবল প্ৰদীপ সাহাক চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে এল আৰ বৰ্মনৰ ওপৰতো অসম আৰক্ষীৰ গৃহ বিভাগে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে দাবী উত্থাপন কৰে বাক্সা জিলা সাংবাদিক সন্থা, জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসামৰ বাক্সা জিলা সমিতি, মুছলপুৰ প্ৰেছ ক্লাৱে।