বকোৰ ৰাজাপাৰা শিৱ মন্দিৰত নিশা চোৰৰ চাফাই অভিযান

 02/08/2022 - 16:46
 
 
 
 
বকোঃ একাংশ সমাজ বিৰোধী ধুৰন্দৰ লোকৰ হাতত সুৰক্ষিত হৈ নাথাকে মঠ মন্দিৰ দেৱালয় তথা ধৰ্মীয় পবিত্ৰ স্থান। তেনে এক জঘন্য কাণ্ড সংঘটিত হৈছে কামৰূপ জিলাৰ বকোৰ ৰাজাপাৰা শিৱ মন্দিৰত। প্ৰাপ্ত তথ্য অনুসৰি বকো আৰক্ষী থানাৰ অন্তৰ্গত ৰাজাপাৰা সাৰ্বজনীন শিৱ মন্দিৰত যোৱা নিশা অঘাইটং চোৰে কৰে চাফাই অভিযান। উল্লেখ্য যে; ৰাজাপাৰা সাৰ্বজনীন শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি নাৰায়ণ শৰ্মা জনোৱা মতে; অজ্ঞাত দুৰ্বৃত্তই যোৱা নিশা মন্দিৰৰ তলা ভাঙি মন্দিৰৰ ভিতৰৰ সকলো সা-সম্পত্তি চোৰে লুটি নিয়ে।
 
ঘটনাৰ বিৱৰণি অনুসৰি; আজি পুৱা মন্দিৰৰ নিয়মীয়া পুজাৰী মুকুন্দ উপাধ্যায় মন্দিৰত পূজা-অৰ্চনা কৰিবলৈ যোৱাত মন্দিৰৰ তলা ভাঙি পৰি থকা ঘটনাটো পোহৰলৈ আহে। মন্দিৰৰ পূজাৰী আৰু ৰাইজে জনোৱা মতে; চোৰে মন্দিৰৰ আৰু মন্দিৰ দৰ্শনাৰ্থীৰ প্ৰণামীৰ ধন প্ৰায়বাৰ হাজাৰ টকা আৰু পূজা কৰা মূৰ্তি আৰু মুঠ ৭০ হাজাৰ টকাৰ সামগ্ৰী চোৰে চুৰি কৰে। আনহাতে ঘটনা সন্দৰ্ভত বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিব বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জানিব দিয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।