মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ঠিকাভিত্তি কৰ্মচাৰীৰ কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট

 02/08/2022 - 18:14
 
 
মৈৰাবাৰীঃ ঠিকাভিত্তি কৰ্মচাৰীৰ প্ৰতিবাদে আজি অষ্টম দিনত ভৰি দিছে। কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি পোৱা নাই। কেইবাটাও দাবী লৈ আজি কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী মৈৰাবাৰী উন্নয়ন খণ্ডত ৰূপায়ণ কৰে। দাবী কেইটা হ’ল ক্ৰমে ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰক। সকলো কৰ্মচাৰীৰ R.O.Pৰ ব্যৱস্থা কৰক।
 
সকলো কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্ৰযোজ্য কৰক। চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰক। বিভাগত খালী হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা /যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিত কৰ্মচাৰীক বিভাগীয়ভাৱে পৰীক্ষা পাতি নিযুক্তি প্ৰদান কৰক। অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী। ঠিকাভিত্তি কৰ্মচাৰীৰ লগত চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ। চৰকাৰে যদি তেওঁলোকৰ যি সমূহ দাবী আছে এই দাবী যদি মানি নললে অনাগত দিনত অৰ্নিদিষ্ট কাললৈকে এই প্ৰতিবাদী কাৰ্য অব্যাহত থাকিব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।