জামুগুৰিহাটৰ চকীঘাটত জীয়া ভৰলী নদীৰ দ্বিতীয়খন দলং নিৰ্মাণত ব্যাপক দুৰ্নীতি

 02/09/2022 - 13:15
 
 
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ চকীঘাটৰ জীয়া ভৰলী নদীৰ ওপৰত নিৰ্মাণ কাৰ্য চলি থকা দ্বিতীয়খন দলং তথা চকীঘাট দলং নিৰ্মাণকাৰী সংস্থাই ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। দলংখনৰ নিৰ্মাণৰ দায়িত্বত থকা আৰ এচ এম নামৰ কোম্পানীটোৱে নদীৰ বুকুত দলংখনৰ খুটা নিৰ্মাণত পলসুৱা তথা বালিৰ নামত বোকা মাটি ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
 
নিৰ্মাণ কাৰ্য চলি থকা দলঙখনৰ খুটাৰ বাবে গাঁত খান্দোতে ওলোৱা বোকা মাটিকে বালি হিচাপে খুটা নিৰ্মাণত ব্যৱহাৰ কৰিছে নিৰ্মাণকাৰী সংস্থাটোৱে। পলসুৱা তথা মাটি মিহলি অতি নিম্নমানৰ বালি ব্যৱহাৰ কৰাৰ ফলত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ জীয়া ভৰলীনদীৰ ওপৰত নিৰ্মাণ কাৰ্য চলি থকা চকীঘাট দলঙৰ খুটা কিমান শক্তিশালী হ'ব এইলৈও এতিয়া স্থানীয় ৰাইজে শংকা ব্যক্ত কৰিছে। মনকৰিবলগীয়া যে দুৰ্নীতি অনিয়ম ফাদিল হোৱাৰ ভয়তে নিৰ্মানকাৰী সংস্থাটোৱে নিৰ্মাণস্থলীৰ চাৰি চৌহদ বেৰাদি ঢাকি ৰখাৰ লগতে সাধাৰণ ৰাইজ আৰু সংৱাদ মাধ্যমৰ লোকৰ উক্ত স্থানত প্ৰৱেশ নিষিদ্ধ কৰি ৰখা বুলিও অভিযোগ উঠিছে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।