কংগনাই কথা কওঁতে মাজে মাজে ভাষাৰ মৰ্যাদা হেৰুৱায় পেলায়- মনোজ তিৱাৰী

 02/09/2022 - 13:36
 
 
 
নিউজ ডেস্কঃ শেহতীয়াকৈ মনোজ তিৱাৰীয়ে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিষয়ে এক মন্তব্য কৰি চৰ্চাত আহিছে। মনোজ তিৱাৰীয়ে অলপতে ইউটিউবাৰ সামদীশ ভাটিয়াক এটা সাক্ষাৎকাৰ দিয়ে। এই সাক্ষাৎকাৰত মনোজে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ উপৰিও চলচ্চিত্ৰ তাৰকাসকলৰ বিষয়ে বহু কথা কৈছিল।
 
এই সময়ছোৱাত মনোজ তিৱাৰীয়ে কংগনা ৰাণাৱটৰ বিষয়েও এটা ডাঙৰ মন্তব্য দিয়ে। তেওঁ কৈছিল যে “কংগনাই কাৰোবাক সমালোচনা কৰোঁতে ভাষাৰ মৰ্যাদাৰ প্ৰতি ধ্যান দিয়া উচিত। কংগনাই কথা কওঁতে মাজে মাজে ভাষাৰ মৰ্যাদা হেৰুৱায় পেলায়।” এই কথা মনোজ তিৱাৰীয়ে কংগনাই মহাৰাষ্ট্ৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰীক লৈ কৰা মন্তব্যৰ প্ৰসংগত কৈছিল। মনোজে কয়, “মই ভাবো মানুহে মানুহৰ প্ৰতি মতামত দিওঁতে মানুহজনক পোনপটীয়াকৈ আঘাত কৰাকৈ ইমান কঠোৰকৈ ক’ব নালাগে। মনোজ তিৱাৰীয়ে লগতে কয়, “শিল্পীসকলে শিল্পীৰ ধৰ্ম পালন কৰা উচিত।
 
ৰাজনীতিত যোগদান কৰিলেহে এই সকলোবোৰ স্পষ্টকৈ কোৱা উচিত।” মনোজ তিৱাৰীক সোধা হৈছিল যে কংগনা ৰাণাৱটে সক্ৰিয় ৰাজনীতিত যোগদান কৰিব নেকি, কিন্তু গায়কগৰাকীয়ে এই প্ৰশ্নটো এৰাই চলিছিল। মনোজ তিৱাৰীয়ে কংগনাৰ সন্দৰ্ভত পুনৰ কয় “যেতিয়া কংগনা ৰাণাৱট সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ কথাত সৰৱ হৈছিল, সেই সময়ত মই ভাবো যে মহাৰাষ্ট্ৰ চৰকাৰো তেওঁৰ প্ৰতি অলপ কঠোৰ আছিল। সেয়াও সঠিক নাছিল। কথা কওতে মানুহ নম্ৰ হ’ব লাগিব। আপুনি যিকোনো কথাত নিশ্চয়কৈ মাত মাতিব পাৰে কিন্তু কাৰোবাক অপমান কৰাটো আমাৰ দেশৰ সংস্কৃতি নহয়। মুখ্যমন্ত্ৰীপদত অধিষ্ঠিত ব্যক্তিজনক সকলোৱে সন্মান জনাব লাগে।”মনোজ তিৱাৰীয়ে লগতে কয়, “মানুহে আমাৰ প্ৰধানমন্ত্ৰীৰ বিষয়েও মৰ্যাদা হানি হোৱা কথা কয়। মই তেওঁলোকক ক’ব বিচাৰো যে দেশৰ ডাঙৰ পদবীত থকা লোকসকলক সন্মান জনোৱা উচিত। সমালোচনা কৰক কিন্তু সন্মানৰ সৈতে কৰক। কিছুমান মানুহে সকলো সীমা অতিক্ৰমি কথা কয়, এইটো বৰ বেয়া কথা।”
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।