02/09/2022 - 14:23
in
চাপৰঃ চাপৰ চাহ বাগিছাৰ কাৰ্যালয়ৰ সন্মুখত ধুবুৰী জিলা আছাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদীৰ দাবীসমূহ- অসম চৰকাৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিব লাগে। Model High School ৰ নিৰ্মাণ কাৰ্য্যত বাধা প্ৰদান কৰা মেনেজাৰ মনোজ ৰয়ক বাগিছাৰ পৰা হটাও। ৩. চাহ শ্ৰমিকৰ নতুনকৈ পাৰ্মানেণ্ট অতিশীঘ্ৰে প্ৰদান কৰক। ৪. বাগিছাৰ ভিতৰত থকা শিক্ষিত নিবনুৱা সকলক বাগিছাৰ কতৃপক্ষই কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰক। ৫. Voucher ত কাম কৰা শ্ৰমিক সকলক বৰ্তমানৰ দৈনিক মজুৰি সহ অন্যান্য সা-সুবিধা প্ৰদান কৰক। ৬. PMAYG House ৰ NOC অতিশীঘ্ৰে প্ৰদান কৰক।৭. চাপৰ, চৈবাৰী আৰু কৃষ্ণকলি চাহ বাগিছাৰ ভেকেঞ্চী পাৰমানেণ্ট পুনৰ লাগু কৰক। ৮. চাহ বাগিছাৰ শ্ৰমিকক শোষণ আৰু দমন কৰা বন্ধ কৰক। প্ৰতিবাদী সভাত উপস্থিত থাকে আছা কেন্দ্ৰীয় সমিতিৰ উপ- সভাপতি ৰেজান হৰো, আছা ধুবুৰী জিলা সমিতিৰ সভাপতি গুলাপ চিক বাৰাইক, মহাবীৰ পান্না, মোহন বাৰাইক, জয়দীপ হৰো, কালু উৰাওঁ আদি। আজিৰ এই প্ৰতিবাদী সভাৰ জৰিয়তে ধুবুৰী জিলা আছাই মালিক পক্ষক সকীয়াই দিয়ে যে অতিশীঘ্ৰে দাবীসমূহ পূৰণ নকৰিলে ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিব।