02/09/2022 - 16:28
in
লাহৰিঘাটঃ আজিও অব্যাহত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ ধৰ্মঘট কাৰ্যসূচী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱৰ লাহৰীঘাট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় চৌহদত দেখা পোৱা গৈছে ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ প্ৰতিবাদ। প্ৰতিবাদৰ এই কাৰ্যসূচী তেওঁলোকে জিলা পৰ্যায়লৈ লৈ যোৱাৰ হুংকাৰ। এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে।