ঐতিহাসিক বালিসত্ৰ সৎসংগী সত্ৰৰ ৩৫০ বছৰীয়া সবাহ মহোৎসৱৰ শুভাৰম্ভ

 02/09/2022 - 17:59
 
 
বাহাৰঘাটঃ কামৰূপ জিলাৰ হাজো সমষ্টিৰ ঐতিহাসিক বালিসত্ৰ সৎসংগী সত্ৰৰ সৱাহ মহোৎসৱ আজিৰে পৰা আৰম্ভ হৈছে। ৩৫০ বছৰীয়া সৱাহ মহোৎসৱৰ আজি হালবাই মহোৎসৱ থলী শুদ্ধিকৰণৰ পাছতেই আৰম্ভ হয় আৰিয়া প্ৰজ্বলনৰ কলগছ পোতা কাৰ্য্যসূচী। ইয়াৰ পাছতেই ধৰ্মধ্বজা উত্তোলন কৰে সৱাহ মহোৎসৱৰ সভাপতি সুমন হৰিপ্ৰিয়াই।
 
মূল কাৰ্য্যালয় দ্বাৰ মুকলি কৰে পিনকেশ্বৰ কলিতাই। উল্লেখ্য যে ঐতিহাসিক সৱাহ মহোৎসৱত আৰিয়া প্ৰজ্বলনেই মূল আকৰ্ষণ। নিজৰ মংগল সাধন কামনাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তই শতিকাজুৰি আৰিয়া প্ৰজ্বলনৰ বাবে অহাতো এক পৰম্পৰাত পৰিণত হৈছে। আৰিয়া প্ৰজ্বলনৰ বাবে লক্ষাধিক ভক্তই ভিৰ কৰিব বুলি সদৰী বালিসত্ৰ সৎসংগী সত্ৰৰ সৱাহ মহোৎসৰ সম্পাদক দ্বয় জগদীশ বৰুৱা আৰু জয়ন্ত মাধৱ দাসে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।