উৱাজ উদ্দিন আহমেদৰ বিশেষ লেখা

 02/09/2022 - 19:33
মুছলমানৰ মাজতশ্ৰেণী বিভাজনৰ ৰাজনীতি 
 কিমান দিনলৈ?_
___""________
প্ৰথমতে মই এজন অসমীয়া, দ্বিতীয়তে মই এজন মুছলমান, তৃতীয়তে এজন গৰীয়া-মৰীয়া মুছলমান। মোৰ ৰীতি-নীতি পৰম্পৰা অসমীয়া সমাজৰ লগত একে, কিন্তু ধৰ্মীয় নীতি মুছলমান সমাজৰ লগত একে। মই অতি হিন্দু বা অতি মুছলমানো নহয়। কিন্তু জন্মলগ্নৰে পৰা ইছলাম ধৰ্মৰ নীতিত চলি আহিছোঁ আৰু অসমীয়া সমাজৰ প্ৰতিটো সমাজৰ ও প্ৰতিটো উৎসৱ পৰ্বন, সভা সমিতি, সাহিত্য সংস্কৃতিৰ লগতে সমন্ময় সম্প্ৰীতি ৰক্ষাৰ হকে সচেতন হৈ আহিছে। মুঠতে অসমৰ, বহু জাতি-জনগোষ্ঠীৰ, ভাষা-ভাষী, ধৰ্মীয় নীতিক সমীল মিলেৰে চলি থকাৰ পোষকতা কৰি আহিছো। প্ৰত্যেক ধৰ্ম, জাতিয়ে নিজৰ স্বকীয়তা সংবিধান প্ৰদত্ত অধিকাৰক, সম মৰ্যদাক সন্মান ও শ্ৰদ্ধা কৰি আহিছোঁ আৰু সকলোৱে এই নীতি পালন কৰাটো আমাৰ কাম্য।
আহোম যুগৰে পৰা মুছলমান সকলে যথাযথ মৰ্যদা পাই আহিছে, আৰু নিশ্চয় পাই থাকিব বুলি আশাবাদী। কিন্তু যুগ সন্ধি আৰু সময়ৰ পৰিৱৰ্তনৰ লগে লগে মুছলমানৰ সংখ্যা আৰু অগ্ৰগতি বাঢ়ি আহিল, অৱশ্যেই শ্ৰম আৰু জীৱন যুজৰ বাবে এয়া সম্ভৱ হৈছে, কিন্তু ৰাজনৈতিক পাশা খেলত যুগে যুগে মুছলমানসকল লাঞ্ছিত বঞ্চিত হৈ আহিবলগীয়া হৈছে। ছবছৰীয়া ছাত্ৰ আন্দোলনে, বিদেশী বহিস্কাৰ আন্দোলনে অসমৰ মুছলমান সমাজক প্ৰশিক্ষণেৰে পাকৈত কৰি পৰিৱেশ পৰিস্থিতিৰ লগত যুজিবলৈ সাহসী কৰি তুলিছে, যাৰ ফলত অসমৰ মুছলমান সমাজ আজি চকুত লগা কৈ উন্নতিৰ জখলাত আৰোহন কৰিছে, আৰু ইয়ে অসমৰ মুছল সমাজৰ কাল হৈছে, আৰম্ভ হৈছে বিভাজনৰ, ৰাজনীতি, ধৰ্মীয় সাম্প্ৰদায়িকতাৰ বলি হ’বলগা হৈছে মুছলমানসকল। কোন দিশত আগবঢ়া উচিত মুছলমান সমাজ, কি কৰা উচিত? এই সমগ্ৰ বিষয়ত অতি গভীৰ চিন্তা আৰু সমন্বয়েৰে আগবাঢ়িবলগা হৈছে, অন্যথা বিভাজনগামী শক্তিয়ে মুছলমান সমাজক ছেদেলি ভেদেলি কৰি তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ’ব আৰু ভাতৃঘাটি সংঘৰ্ষৰে মুছলমানসকল অসহায়তাত পৰিব লাগিব। সত্যৰঞ্জন বৰাই হওক বা অন্য ধৰ্মীয় সাম্প্ৰদায়িক নেতাই হওক তেওঁলোকে সচা অৰ্থত মুছলমান সমাজক জগাই সচেতন কৰি দি আছে, তাৰবাবে তেওঁলোক মুছলমান সমাজৰ বাবে আশীৰ্বাদ স্বৰূপ।
বিদেশী বহিস্কাৰ আন্দোলনে যেনেকৈ অসমৰ মুছলমান সমাজক পূৰঠ কৰি স্থায়িত্ব দিলে সচাকৈয়ে ই জাতিটোৰ বাবে ভৱিষ্যতৰ বাবে অতি মংগলজনক।
কিন্তু আজি প্ৰতিজন মুছলমানৰে, অসমীয়া ভাষা সংস্কৃতি আৰু সৰ্বাঙ্গীন উন্নতিৰ বাবে দায়বদ্ধ হোৱা উচিত বুলি ভাৱো,লগতে ধৰ্মীয় গঢ়ামি বাদ দি সৰ্বধৰ্মক সন্মান আৰু শ্ৰদ্ধা কৰিবলৈ শিকিব লাগিব।
হিন্দুসকলৰ মাজত উচ্চ নীচ, বংশৰে বৰ্ণ বৈষম্যত বিভক্ত। আনপিনে ব্ৰাহ্মণ্য বাদৰ দৌৰাত্ম অতিকৈ লক্ষণীয়, যিয়ে নিম্নস্তৰৰ লোক সকলৰ পেট মুখৰ মাৰি সৰ্বশ্ৰান্ত হ'বলগা হৈছে। শংকৰী ,বৈষ্ণবী পন্থীৰ ওপৰত পৰোক্ষ হস্তক্ষেপ অতিকৈ লক্ষণীয়। হিন্দুসকলৰ এলেহুৱা, জাতি বিভেদত সৰ্বত্ৰে এক অতি ধ্বংসাত্মক দিশলৈ গতি কৰিছে, আনপিনে কৰ্মপটু, শ্ৰমে,ই সম্বল কৰি লোৱা মুছলমানসকল প্ৰতিকুল পৰিৱেশক নেওচি সমস্যাৰ সৈতে যুঁজি যুঁজি বৰ্তমানৰ অৱস্থা পাইছে। তাৰ বাবে এই আগ্ৰাহণক ৰুধিবলৈ বিভিন্ন কুট-কৌশল আৰু অভিসন্ধি ৰচনা কৰি মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি কৰি ঐক্যতাত ব্যাঘাত জন্মাবলৈ ষড়যন্ত্ৰত নামি পৰিছে্। আনপিনে এচাম মুছলমানে এই ষড়যন্ত্ৰৰ ললীপপ গিলিবলৈ ওভতগোৰে নাচিছে।
গো ৰিজাৰ্ভ,সত্ৰ নামঘৰৰ ভুমি বেদখল কৰাটো সচাকৈ অপৰাধ, বিশেষকৈ মুছলমানে বেদখল কৰাটো আৰু বেছি অপৰাধ, কাৰণ ইচলাম ধৰ্মই এক বালি চাহিও বেদখল কৰা, আনৰ প্ৰাপ্য কাঢ়ি নিয়াৰ, পবিত্ৰ কোৰাণ হাদিছে মানা কৰি কঢ়া নিৰ্দেশ দিছে, আজমল বা ধৰ্মীয় নেতাসকলে এইবোৰৰ বিৰোধিতা কৰিব লাগে, কিন্তু উচটনি দিয়াহে পৰিলক্ষিত হয়।
আনপিনে মুছলমান মুছলমানৰ মাজত, বিভাজন কৰি বিদেশত, থলুৱা, খিলঞ্জীয়া মুছলমানৰ বহি ৰাজ্যত বদনাম কৰাটো আজমল এন্দ কোম্পানীৰ মূল লক্ষ্য হৈ পৰিছে। যুগযুগ ধৰি থলুৱা মুছলমানসকলে অসম, ভাৰতত বসবাস কৰি আহিছে, আহোম ৰজাৰ ৰাজত্ব কালত এই মুছলমানসকলে যথাযথ সন্মান পাইছিল, কিন্তু কংগ্ৰেছৰ ৬৭ বছৰীয়া শাসন কালত থলুৱা, খিলঞ্জীয়া মুছলমানৰ সকলৰ ইতিহাস ঐতিহ্য আৰু মৰ্যদাক আঘাত কৰিলে, আৰু ক্ৰমান্বয়ে সৰ্বদিশত বঞ্চিত হ’বলগা হৈ আজি এই অৱস্থাত।
যাৰবাবে দীৰ্ঘদিনীয়া দাবীসমূহ উত্থাপিত হৈ আহিছে। কিন্তু অতি চক্ৰান্তৰে ৰাজনৈতিক মে'ৰ পেছত আবদ্ধ হৈ আহিছে। কিন্তু থলুৱা খিলঞ্জীয়া মুছলমানৰ চিনাক্ত বা সুৰক্ষাৰ কোনো ব্যৱস্থা কৰা নহ'ল, যাৰ বাবে অসমৰ সমগ্ৰ মুছলমান সাণমিহলি হৈ থলুৱা, খিলঞ্জীয়া, চৰুৱা পমুৱা, ভাটিয়া, প্ৰব্ৰজনকাৰী, বঙ্গীয়, মূলৰ, ভাষিক সংখ্যালঘূৰ মাজত কোনো প্ৰাৰ্থক্য নোহোৱা হ'ল, আৰু গৰীয়া-মৰীয়া, দেশী, জলাহ, পাংগলসকলৰ মাজত চিনাক্তকৰণত অসুবিধা হ'ল। ইয়াৰ সম্পূৰ্ণ সুবিধা ভাষিক ধৰ্মীয় সংখ্যালঘূ নেতাবোৰে ললে, আৰু এই জনগোষ্ঠী কেইটা বঞ্চিত হ’বলৈ ধৰিলে। আমছুৰ নামত, সংখ্যালঘূৰ উন্নয়ন, চৰ উন্নয়নৰ নামত, ৱাকফ, বোৰ্ডৰ আৰু হজ কমিটিৰ নামত  ক্ৰমাত বঞ্চিত হৈ আহিছে।
যাৰবাবে মুছলমান সকলৰ মাজত অন্তদন্দৰ আৰম্ভ হ’বলৈ ধৰিলে আৰু এই জনগোষ্ঠী কেইটাৰ নামত ৰাজনীতি আৰম্ভ হ’ল আৰু ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ ধৰিলে। কিন্তু এই জনগোষ্ঠী কেইটাৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে কোনো দলে আন্তৰিকতাৰে লোৱা পৰিলক্ষিত হোৱা নাই। যাৰ ফলত মুছলমানৰ মাজত কেইবাটাও দল, সংগঠনত ভাগ ভাগ হ'ল আৰু বিভাজন নীতিত পৰি দুৰ্বল হ'বলৈ ধৰিলে। ইয়াৰ সম্পূৰ্ণ সুবিধা ল’বলৈ সক্ষম হ’ল, খিলঞ্জীয়া মুছলমানসকলক ৰাজনৈতিক নাগপাশত আবদ্ধ কৰিলে।
গৰীয়া-মৰীয়া দেশী পৰিষদ হ’ল, কেইবাখনো উপস্থিতি গঠন হ'ল। গৰীয়া-মৰীয়া দেশীৰ নেতাসকলৰ ভেম বাঢ়ি গ'ল। গোপতে গঙ্গাটোপ হ'বলৈ ধৰিলে, বহুত উপযুক্ত লোক বঞ্চিত হ'ল। একাংশই গৰী‌য়া-মৰীয়া দেশীয় নামত দালালিত নামিবলৈ ধৰিলে। নাজানো এই জনগোষ্ঠী কেইটা লাভবান হয়নে নহয়। আমি সৰ্বান্তকৰণে সৰ্বদিশত উন্নয়ন কামনা কৰোঁ আৰু অনাগত দিনত সমীহ কৰি যাম। কিন্ত সন্দেহ ওপজে, কাৰণ এই জনগোষ্ঠী কেইটাৰ বিশেষ পৰিচয় কেতিয়ালৈকে কাৰ্যকৰীকৰণ হ’ব? কেৱল নিৰ্বাচনী ইচু হ'লে এয়া ভয়ানক হ’ব। আনপিনে সকলো দলৰ সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন নহ’ব নে? এই বঞ্চিত জনগোষ্ঠী কেইটাক প্ৰাপ্য আৰু মৰ্যদা দিবলৈ সকলো দলে সদিচ্ছাৰে পূৰ্ণ সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজনীয়তা আছে। কিন্তু এই জনগোষ্ঠীটোৰ সলনি পৰোক্ষভাৱে প্ৰবজনকাৰী, মিঞা, ধৰ্মীয় ভাষিক সংখ্যালঘূৰ কাম হে কৰা পৰিলক্ষিত হৈ আছে। কেৱল আশ্বাস আৰু বিশ্বাসত ৰৈ এই জনগোষ্ঠী কেইটাই সৰ্বস্বান্ত হ’বলগা হৈছে।
অতি তাৎপৰ্যপূৰ্ণভাৱে, আজিলৈকে এই জনগোষ্ঠী কেইটাৰ বাবে ৰাজনৈতিকভাৱে ৰাজ্যসভা, বিধানসভা বা লোকসভাত আসন সংৰক্ষণৰ ব্যবস্থাকৰণ হোৱা নাই কিয়? বা কৰিব নোৱাৰে কিয়? অথবা নতুন কিবা চিন্তা-চৰ্চা কিয় কৰিৱ নোৱাৰে?
এই সমস্ত বিষয় লৈ গৰীয়া-মৰীয়া দেশীয়ৰ নেতৃত্বত থকা সকললৈ প্ৰশ্ন হয়, প্ৰথমতে আপোনালোকক অতি শ্ৰদ্ধাৰে সুধিছো, যিহেতু গৰীয়া -মৰীয়া দেশীসকল অসমীয়া সমাজচ্যুত হিন্দুৰ পৰা আৰু যুদ্ধবন্দী বিবাহ সূত্ৰে মুছলমান, তেনেহলে কাৰ দ্বাৰায় মুক্তি পথ বিচাৰি পালে?পুনৰ হিন্দু ধৰ্মলৈ প্ৰত্যাবৰ্তন বিচাৰে নে মুছলমান হিচাপে জীয়াই থাকিব বিচাৰে।
দ্বিতীয়তে, এইগৰীয়া মৰীয়াসকলৰ দুৰৱস্থাৰ মূল কাৰণ কি? কাৰ ষড়যন্ত্ৰত আজি সৰ্বদিশত বঞ্চিত? গৰীয়া-মৰীয়া দেশীৰ মাজত ইমান দল কিয়? কিয় একত্ৰিত হ’ব পৰা নাই? শেহতীয়াকৈ চৰকাৰে ঘোষণা কৰা পৰিষদখনৰ সাতখন উপসমিতিত উপযুক্ত লোকক বহুৱালে নে? নে আত্মপক্ষ সমৰ্থিত ব্যক্তিসকলক বহুৱালে? এতিয়া নিজকে আত্মসমালোচনা কৰাৰ সময় থাকোতে সংশোধন হ’বলৈ চেষ্টা কৰক।
তৃতীয়তে, এইটো সহজে সকলোৰে জ্ঞাত আৰু অনুমেয় যে, প্ৰায় ২০/৩০শতাংশ গৰীয়া-মৰীয়া দেশীয়ৰ, শিক্ষিত পৰিয়ালৰ ছোৱালী প্ৰৱজনকাৰী, পুমুৱা বোৰৰ তাত বিবাহ দিছে, বহুতো নেতা-নেত্ৰীৰ ছোৱালী বিবাহ হৈছে। সেইবোৰ বন্ধ কৰিব পাৰিব নে? মাটি-বাৰী বিক্ৰি, কাম কৰা, মছজিদ, মাদ্ৰাছাত কোনবোৰক ৰাখিছে? সেইবোৰ বন্ধ কৰিব নোৱাৰে কিয়?
চতুৰ্থতে বৰক্ষেত্ৰী, আৰু হাজো সমষ্টিত নাৰায়ন ডেকাক, খিলঞ্জীয়া মুছলমানে হৰুৱা নাইনে? হাজো সমষ্টিত খিলঞ্জীয়া মুছলমান দুলু আহমেদক কোনে হেৰুৱালে? গৰীয়া মৰীয়া মুছলমানে নহয়নে? ইয়াৰ পিছতো গৰীয়া-মৰীয়া-দেশী বুলি প্ৰাপ্যৰ বাবে দাবী বা আন্দোলনৰ প্ৰাসঙ্গিকতা থাকিব নে? গৰীয়া-মৰীয়া-দেশীসকলৰ ঠিকা কোনে লৈ আছে? বহুত প্ৰশ্ন জাগে? ভেল্লাৰ গৰীয়া সাংবাদিকক  গৰীয়া, ফকৰুলৰ হাতত প্ৰহুত হ'ল, তাত গৰীয়া-মৰীয়া পৰিষদে মাত মাতিলে নে? বৰং সাংবাদিক অপদস্তকাৰীৰ পক্ষহে দেখা গ'ল। কিমান গৰীয়া-মৰীয়া কৰ্মচাৰী পুমুৱা, ধৰ্মীয়, ভাষিক সংখ্যালঘূৰ হাতত লাঞ্ছিত-বঞ্চিত হৈ আছে, মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী তথা অন্যান্য বিভাগে খবৰ ৰাখিছেনে? এইবোৰত গৰীয়া-মৰীয়া নেতাবোৰে কিবা পদক্ষেপ লৈছে নে? গতিকে এক মুছলমান হৈ একত্ৰিতভাবে অসমখন আগুৱাই নিবলৈ চেষ্টা কৰিলে ভাল লাগে৷ অসমীয়া জাতি, ভাষা সাহিত্যৰ প্ৰতি এজন মুছলমান হিচাপেহে দায়বদ্ধশীল হোৱা উচিত, বিভাজন নীতিৰে নহয়, নহ'লে কোনো দলে, কোনো জাতিয়ে ঠাই নিদিব, বৰং আনৰ গুলাম হৈ থাকিব লাগিব। সুবিধা বুজি আজমল চাহাবক, সত্যৰঞ্জন বৰাক, বা অন্যান্যক তুচ্চ তাচিল্যৰে স্থিতিহীনভাৱে সুবিধা অনুযায়ী পক্ষ লোৱাটো অনুচিত বুলি ভাৱো আৰু ই ভবিষ্যতৰ ভাৱে অশনি সংকেত।
লগতে অসমৰ অতি বাকপটু, অসমীয়া প্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ সচাকৈয়ে যদি খিলঞ্জীয়া অসমীয়া মুছলমান গৰীয়া-মৰীয়া দেশীৰ, উন্নয়ন আৰু সূুৰক্ষাৰ নিশ্চিত কৰাৰ ইচ্ছা আছে তেনেহলে ও আই,চি, ৰাজ্যসভা, লোকসভা আৰু বিধানসভাত আসন সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰি ঐতিহাসিক দৃষ্টান্ত খোদিত কৰক।
উৱাজ উদ্দিন আহমেদ
মাজদিয়া
বৰপেটা (অসম)
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।