02/10/2022 - 13:11
in
নিউজ ডেস্কঃ কীৰ্তিকমল বৰাক গুলীচালনা কৰাৰ ঘটনাৰ তদন্ত শেষ হোৱাৰ পিছতে এতিয়া নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তৎকালিনভাৱে নগাঁৱৰ পৰা বদলি কৰা হৈছে। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে গোটেই ঘটনাৰ তদন্ত সামৰি ইয়াৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতেই স্পষ্ট হৈছিল কীৰ্তিকমল বৰাক গুলীচালনা কৰাৰ ঘটনা আছিল সম্পূৰ্ণ উদ্দেশ্যপ্ৰণোদিত। ইয়াৰ পিছতে শাস্তিমূলক ব্যৱস্থা হিচাপে এই ঘটনাৰ লগত জড়িত এছ আই প্ৰদীপ বণিয়াক নিলম্বন কৰাৰ লগতে এণ্টি নাৰ্কোটিক স্কোৱাড ভংগ কৰি ইয়াৰ সদস্যসকলক বেলেগ বেলেগ জিলালৈ বদলি কৰা হৈছে।
ইয়াৰ পিছতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বহুতেই আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে অসন্তুষ্টি ব্যক্ত কৰিছিল। ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আনন্দ মিশ্ৰক আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে আৰু নগাওঁ জিলাৰ নতুন আৰক্ষী অধীক্ষক নিযুক্তি নিদিয়া পৰ্যন্ত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাক ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে।কীৰ্তিকমল বৰা কাণ্ডৰ বাবেই যে এইদৰে বদলি কৰা হৈছে সেই বিষয়টো প্ৰায় স্পষ্ট হৈছে।