আজিৰে পৰা উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ

 02/10/2022 - 13:41
 
 
 
 
নিউজ ডেস্কঃ আজিৰ পৰা আৰম্ভ সাতটা পৰ্য্যায়ত হ’বলগীয়া উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। বৃহস্পতিবাৰে ৰাজ্যখনৰ পশ্চিম অংশৰ ১১ খন জিলাত ব্যাপ্ত হৈ থকা ৫৮ খন বিধানসভা আসনৰ বাবে প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। দেশৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা মতে ক’ভিড প্ৰট’কল অনুসৰি এই সমষ্টি সমূহত পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে।
 
ভোটগ্ৰহণ সন্ধিয়া ৬ বজাত সমাপ্ত হ’ব। ৭ মাৰ্চত সমাপ্ত হ’বলগীয়া এই সাতটা পৰ্যায়ৰ নিৰ্বাচনে উত্তৰ প্ৰদেশৰ বিধান সভাৰ ৪০৩ জন সদস্যৰ ভাগ্য নিৰ্ণয় কৰিব। নিৰ্বাচনী আয়োগৰ অধিসূচনা অনুসৰি ১০ মাৰ্চত ভোট গণনা হ’ব। উত্তৰ প্ৰদেশৰ উপৰিও এই বৰ্ষত পঞ্জাৱ, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ডতো নিৰ্বাচন অনুষ্ঠিত হ’ব । পঞ্জাৱ, উত্তৰাখণ্ড আৰু গোৱাত ১৪ ফেব্ৰুৱাৰীত এটা পৰ্য্যায়ত ভোটগ্ৰহণ অনুস্থিত হ’ব যদিও মণিপুৰত ২৭ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।