ৰাম মন্দিৰত লগাব এটা বিশাল আকাৰৰ ঘণ্টা, ২ কিঃমিলৈকে শুনিব ধ্বনি

 02/11/2022 - 13:51
 
 
 
নিউজ ডেস্কঃ অযোধ্যাৰ ৰাম মন্দিৰত লগাব এটা বিশাল আকাৰৰ ঘণ্টা। ঘণ্টাটো ৬ ফুট ওখ আৰু ৫ ফুট বহল। ৰাম মন্দিৰৰ বাবে নিৰ্মাণ কৰা এই ঘণ্টাটোৰ ওজন ২১০০ কিলোগ্ৰাম। উত্তৰ প্ৰদেশৰ ইটাহ জিলাত নিৰ্মাণ হৈছে ঘণ্টাটো। ইয়াৰ শিল্পীসকল ঘণ্টা নিৰ্মাণৰ বাবে বিখ্যাত। ইটাহ জিলাৰ শিল্পীসকলে মন্দিৰত ব্যৱহৃত ঘণ্টাৰ বাবে দেশ-বিদেশৰ পৰা অৰ্ডাৰ লাভ কৰে। ইটাহৰ জালেচাৰত প্ৰায় ৩০০ টা কাৰখানা আছে যিয়ে এই ঘণ্টাবোৰ তৈয়াৰ কৰে। অযোধ্যাৰ ৰাম মন্দিৰৰ ঘণ্টাৰ বাবেও ইটাহৰ শিল্পীসকলে অৰ্ডাৰ লাভ কৰে।
 
ঘণ্টাটো নিৰ্মাণত ব্যয় হৈছে ২১ লাখ টকা। বিকাশ মিত্তালৰ মালিকানাধীন কাৰখানাত নিৰ্মাণ কৰা হৈছে এই বিশাল ঘণ্টা। ই হৈছে ভাৰতত এতিয়ালৈকে বনোৱা সৰ্ববৃহৎ ঘণ্টা। বিকাশ মিত্তালে কয় যে ”যেতিয়া এই ঘণ্টাটো মন্দিৰত বজোৱা হ’ব,ইয়াৰ ধ্বনি ১-২ কিলোমিটাৰ দূৰলৈকে শুনা যাব।”
এই একেটা কাৰখানাই অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৫০০, ২৫০, ১০০ কিলোগ্ৰামৰ ১০টা ঘণ্টা বনাবলৈও অৰ্ডাৰ লাভ কৰিছে। ২১০০ কিলোগ্ৰাম ওজনৰ ঘণ্টাটোত সোণ, ৰূপ আৰু পিতলকে ধৰি পাঁচটা ধাতু ব্যৱহাৰ কৰা হৈছে। বিশাল ঘণ্টাটোৰ ডিজাইনিং আৰু পলিচৰ কাম এতিয়াও বাকী আছে। দৌ দয়াল, ইকবাল বাৰা আৰু ছামছুদ্দিন নামৰ তিনিজন শিল্পীক ঘণ্টাটোৰ চূড়ান্ত ডিজাইন প্ৰস্তুত কৰিবলৈ দিল্লীৰ পৰা বিশেষভাৱে মাতি অনা হৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।