02/11/2022 - 14:19
in
মৰিগাঁওঃ আজি অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদ, মৰিগাঁও জিলাই মৰিগাঁও সদৰ বিহুতলিত এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে। ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা সকলো কৰ্মচাৰীৰ R.O.P. ৰ ব্যবস্থা কৰা সকলো কৰ্মচাৰীৰ বাবে সম কাম সম বেতন নীতি প্ৰযোজ্য কৰা ঠিকাভিত্তিক কৰ্মচাৰীক চৰকাৰী কৰ্মচাৰীৰ সকলো সুবিধা প্ৰদান কৰা খালী হৈ থকা পদত অভিজ্ঞতা সম্পন্ন আৰু যোগ্যতা অনুসৰি কৰ্মচাৰীৰ পৰীক্ষা অনুষ্ঠিত কৰি নিযুক্তি প্ৰদান কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হস্তক্ষেপ কৰক আদিকে সামৰি মুঠ ছয়টা দাবীৰে ৰূপায়ণ কৰে আজিৰ এই কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী। আগন্তুক সময়ত তেওঁলোকৰ দাবী পূৰণ নকৰিলে ৰাজ্যৰ ৮ হেজাৰো অধিক কৰ্মচাৰী একগোট হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।