বিহালীত পুনৰ বাঘৰ আতংক

 02/11/2022 - 16:54
 
বিহালীঃ বিহালীত পুনৰ বাঘৰ আতংক। বটিয়ামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ এখন ব্যক্তিগত চাহ-বাগিছাত এটা প্ৰকাণ্ড ঢেকীয়া পতীয়া বাঘে অৱস্থান কৰাত অঞ্চলটোত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। পুৱাৰ ভাগতে ৰাইজে বাঘটো মুক্ত বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰি বন বিভাগ আৰু বিশ্বনাথ জিলা প্ৰশাসনক অৱগত কৰাত বন বিভাগ উপস্থিত হৈছে যদিও বাঘটো খেদি পঠিওৱা বা ট্ৰেংকুলাইজ কৰিব পৰা হোৱা নাই।
 
উল্লেখ্য যে বিগত প্ৰায় এক দেহমাহ ধৰি বিহালীৰ ৰাংছালী, বটিয়ামাৰী, ৰৌমাৰী, বৰাজুলী আদি অঞ্চলত দহটাৰোধিক পশুধন গৰু-ছাগলী মাৰি সন্ত্ৰাস চলাই আহিছে আৰু বহু পহুধন গোহালীতে মাৰি থৈ গৈছে। পিছে বন বিভাগৰ লোকে আজিকোপতি বাঘটোক পিঞ্জৰাবদ্ধ কৰাত বিফল হোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে। বাঘৰ ভয়ত আজি ৰৌমাৰী গাঁৱত এক কোলাহৰ পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। সচেতন লোকৰ দাবী বন বিভাগে বিহালী অঞ্চলৰ পৰা কাজিৰঙা ষষ্ঠ সংযোজন পত্যাহাৰ কৰিব লাগিব  "নহলে বিহালী অঞ্চলত বাঘৰ আতংক এক জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হোৱাৰ আশংকাই অধিক।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।