প্ৰেমৰ সপ্তাহৰ আজি পঞ্চম দিন, প্ৰ’মিজ দে

 02/11/2022 - 18:10
 
 
নিউজ ডেস্কঃ আজি প্ৰ’মিজ দে৷ ভেলেণ্টাইন সপ্তাহ ৭ ফেব্ৰুৱাৰীত আৰম্ভ হয় আৰু ১৪ ফেব্ৰুৱাৰীত সমাপ্ত হয়। এই সপ্তাহত প্ৰতিটো দিন নানা প্ৰকাৰে উদযাপন কৰা হয়। ভেলেণ্টাইন সপ্তাহৰ পঞ্চম দিনটো প্ৰ’মিজ দে হিচাপে পালন কৰা হয়, যাক ভেলেণ্টাইন সপ্তাহৰ আটাইতকৈ বিশেষ দিন বুলি গণ্য কৰা হয়। এই দিনটোত প্ৰেমিকযুগলে ইজনে সিজনক প্ৰতিশ্ৰুতি দিয়ে। সংগীক প্ৰতিশ্ৰুতি দিয়া কথাটোৱে সম্পৰ্কটো অধিক শক্তিশালী কৰে, সেয়েহে প্ৰেমিকযুগলে এই দিনটো যথেষ্ট ভালদৰে উদযাপন কৰে। এই দিনটোত প্ৰেমিক-প্ৰেমিকাই ইজনে সিজনক বহুতো প্ৰতিশ্ৰুতি দিয়ে। প্ৰতিশ্ৰুতিয়ে সম্পৰ্কত ৰোমাঞ্চ আৰু সতেজতা আনে আৰু সম্পৰ্কটো আৰু গভীৰ হৈ পৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।