02/11/2022 - 19:51
in
লক্ষীপুৰঃ গোৱালপাৰা চহৰৰ ডিআৰডিএ কাৰ্যালয়ৰ সন্মুখত আজি অসম পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত উত্তাল হৈ পৰে৷ পঞ্চায়ত কৰ্মচাৰীসকলৰ ৬০ বছৰলৈ সুনিশ্চিত কৰাৰ লগতে সকলো কৰ্মচাৰীৰ আৰ ও পিৰ ব্যৱস্থা কৰা, সকলো কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্ৰযোজ্য কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্রদান কৰা, বিভাগত খালি হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা আৰু যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীৰ মাজত বিভাগীয়ভাৱে পৰীক্ষা পাতি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে ঠিকাভিত্তিক কৰ্মচাৰীসকলে। ইফালে দীৰ্ঘদিনৰ পৰা নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত এইসকল কৰ্মচাৰীৰ সমস্যা সমাধান নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে৷