গহপুৰ: ঝাৰখণ্ডৰ দুমকাত মাওবাদী উগ্ৰপন্থীৰ লগত হোৱা সংঘৰ্ষত নিহত হোৱা এছএছবি জোৱান বীৰ শ্বহীদ নিৰজ ছেত্ৰীৰ বাসগৃহত বৃহস্পতিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ দুপৰীয়া ১২. ৩০ বজাত হেলিকপ্তাৰেৰে আহি মুখ্যমন্ত্ৰীগৰাকী গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত কাউৰী পথাৰৰ ব্ৰহ্মপুত্ৰ ভেলী ইংলিছ স্কুলৰ সমীপত উপস্থিত হোৱাৰ পিছতে পোনে পোনে যায় শ্বহীদ নিৰজ ছেত্ৰীৰ পিতৃ টীকা বাহাদুৰ ছেত্ৰীৰ কাৰিবিল নেপালী গাঁওস্থিত বাসগৃহলৈ৷
মুখ্যমন্ত্ৰীৰ আগমন উপলক্ষে পুৱা ১০ বজাৰে পৰা অপেক্ষাৰত এছএছবিৰ ৬৮ নং বেটেলিয়নৰ বিষয়া আৰু জোৱানসকল, বিশ্বনাথ জিলা আৰু আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়া সকল, ভাৰতীয় জনতা পাৰ্টীৰ গহপুৰ সমষ্টিৰ কাৰ্যকৰ্তাসকল আৰু স্থানীয় ৰাইজৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে প্ৰথমে বীৰ শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰি ভক্তিভৰা প্ৰণিপাত জনায়৷ গহপুৰৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাই আঁত ধৰা অনুষ্ঠানটোত তেঁও মুখ্যমন্ত্ৰী সোণোৱালে পৰিয়ালটোলৈ আগবঢ়োৱা এক শোকবাণী ৰাজহুৱাকৈ পাঠ কৰি দিয়াৰ লগতে বিধায়কগৰাকীয়ে নিজে প্ৰদান কৰা আন এখন শোকবাণী ৰাইজৰ আগত পাঠ কৰি প্ৰয়াত নিৰজৰ পিতৃ টীকাবাহাদুৰ ছেত্ৰীৰ হাতত অৰ্পন কৰে৷
অনুষ্ঠানটোত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰেৰণ কৰা আন এখন শোকবাণী পাঠ কৰি দিয়ে এছএছবিৰ বিষয়া ৰাজেশ কুমাৰ সিঙে৷ একেটা অনুষ্ঠানতে ৰাজ্য চৰকাৰে আগবঢ়োৱা বিশ লাখ টকাৰ আৰ্থিক অনুদানৰ এখন চেক মুখ্যমন্ত্ৰী সোণোৱালে পিতৃ টীকা বাহাদুৰ ছেত্ৰীৰ হাতত আনুষ্ঠানিকভাবে প্ৰদান কৰে৷ ইপিনে এছএছবিৰ ৱেলফেয়াৰ ছ'চাইটিয়ে নিৰজৰ পৰিয়ালটোলৈ আগবঢ়োৱা পোন্ধৰ লাখ টকাৰ আন এখন চেকো শ্বহীদ নিৰজ ছেত্ৰীৰ পিতৃৰ হাতত অৰ্পন কৰে এছএছবিৰ ৬৮ নং বেটেলিয়নৰ তেজপুৰ দেবেন্দ্ৰ নগৰস্থিত কাৰ্যালয়ৰ চেকেণ্ড ইন কামাণ্ড ৰাজেশ কুমাৰ সিঙে৷
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ সামৰণি মাৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী সোণোৱালে কয় "নিৰজ ছেত্ৰীৰ এই ত্যাগে অনাগত দিনত দেশমাতৃ ৰক্ষাৰ স্বাৰ্থত নৱপ্ৰজন্মক অনুপ্ৰেৰণা যোগাব৷ তেঁওৰ এই মহান ত্যাগ অসম তথা ভাৰতবৰ্ষত জিলিকি ৰ'ব৷'' অনুষ্ঠানটোত অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দত্ত, নৱনিৰ্বাচিত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ড, আৰক্ষী অধীক্ষক ৰাকেশ ৰৌচন ,তথ্য আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰা, গহপুৰ মহকুমাৰ মহকুমাধিপতি নৰেন্দ্ৰ কুমাৰ শ্বাহ, হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া বিমান দাস, গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া তিলক দাস, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি পৰেশ বৰকাকতি, হেলেম(খ) জিলা পৰিষদৰ সদস্যা ৰেনু ভৰালী প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
অকালতে পুত্ৰক হেৰুৱাৰ বেদনাত শোক বিহ্বল হৈ থকা পিতৃ টীকা বাহাদুৰ ছেত্ৰীয়ে তাৎপৰ্যপূৰ্ণভাবে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰে বিচাৰিলে দেশ মাতৃৰ সুৰক্ষাৰ স্বাৰ্থত তেঁওৰ জ্যেষ্ঠ পুত্ৰকো সৈন্য বাহিনীত গতাই দিবলৈ তেওঁ ৰাজী৷