02/12/2022 - 13:09
in
নিউজ ডেস্কঃ এতিয়াৰে পৰা ৫ বছৰতকৈ কম বয়সৰ শিশুক দিয়া নহয় ক’ৰণাৰ ভেকচিন। আমেৰিকাৰ প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে, Pfizer আৰু BioNTech ৰ কোৰোনা ভেকচিন ৬মাহৰ পৰা ৫বছৰৰ ভিতৰৰ লোকক প্ৰদান কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও আগন্তুক দুমাহৰ বাবে এই সিদ্ধান্ত স্থগিত ৰখা হৈছে।আমেৰিকাৰ Food and Drug Administration, FDAয়ে সদৰি কৰিছে যে, এই ভেকচিনৰ সন্দৰ্ভত আৰু অধিক অধ্যয়নৰ প্ৰয়োজন আছে।