02/12/2022 - 14:12
in
টীয়কঃ এয়া যে ফাগুনৰ বতৰ, মতলীয়া ফাগুনেই হাতবাউল দি মাতি আনে বসন্তক। লঠঙা গছত ৰঙা পলাস, মদাৰৰ প্ৰয়োভৰে গীতিকাৰ কবি সকলৰো সৃষ্টি হয় ন ন গীত কবিতা। এই ফাগুনৰ বতৰা পালেই মিচিং ডেকা গাভৰুৰ সকল মতলিয়া হৈ পৰে।
কিয়নো ফাগুনৰ প্ৰথম বুধবাৰটোত তেওঁলোকে উদযাপন কৰে মিচিংসকলৰ মূল উৎসৱ আলি আঃয়ে লৃগাং, সেয়ে ফাগুন অহাৰ বতৰা পাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টীয়কৰ ৰামপুৰৰ মিচিং ডেকা গাভৰু সকলে আলি আঃয়ে লৃগাং উদযাপনৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি। কণমানিজনীৰ পৰা জীয়ৰী বোৱাৰীহতে ঢোলৰ চেওৱে চেওৱে ঐনিতমৰ সুৰত মতলীয়া হৈ পৰিছে।
আলি আঃয়ে লৃগাং উপলক্ষে মিচিং মহিলাসকলে নিজৰ তাঁতশালতে বৈ উলিয়াইছে সাজ যোৰ, প্ৰস্তুত কৰিছে তেওঁলোকৰ পৰম্পৰাগত আপুং। কৃষি ভিত্তিক এই উৎসৱৰ দিনাই মিচিং সকলে কৃষি কৰ্ম আৰম্ভ কৰে সেয়ে এই উৎসৱ পালন কৰিবলৈ বছৰ যোৰা অপেক্ষা পিছত ফাগুন মাহ আহিলেই বৃদ্ধ বনিতা সকলো হৈ পৰে মতলিয়া, ঢোলৰ চাপৰত এফাকি ঐনিতম গায় গুমৰাগ নিত্য কৰি এনেদৰে তেওঁলোকে নিজৰ উৎসৱ পালন কৰি আহিছে।
ক’ভিড পৰিস্থিতি বাবে বিগত দুটা বছৰত উদযাপন কৰিব পৰা নাছিল এই উৎসৱ ভাগি। সেয়ে ৰাজ্যৰ অন্য স্হানৰ লগতে টীয়কৰ ৰামপুৰ বাসীয়ে আলি আঃয়ে লৃগাংউদযাপনৰ বাবে এনেধৰনে চলাইছে প্ৰস্তুতি।