02/13/2022 - 12:49
in
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা মহাবিদ্যালয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত অসমীয়া সাহিত্য সন্মিলনীৰ নৱম প্ৰতিষ্ঠা দিৱস যোৱা কালি বিয়লি সামৰণি পৰে। যোৱা ১০ ফেব্ৰুৱাৰীত সন্মিলনীৰ আৰু ৰঙাপৰা মহাবিদ্যালয়ৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণেৰে আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ যোৱা ১২ ফেব্ৰুৱাৰীৰ দিনা পুৱা ১০ বজাৰ পৰা আৰম্ভ হয় "অসমীয়া ভাষা-সাহিত্যৰ ইতিহাস আত্ম প্ৰতিষ্ঠা আৰু বৰ্তমানৰ প্ৰত্যাহ্বান" শীৰ্ষক বিষয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ।
অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষক আৰু গৱেষক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা উক্ত আলোচনা চক্ৰখনৰ উদ্বোধনী অনুষ্ঠানটোৰ সভাপতি হিচাপে সন্মিলনীৰ সভাপতি ড০ সাগৰ বৰুৱা, মুখ্যবক্তা হিচাপে ড০ দিলীপ বৰাই অংশ লোৱা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতা, সন্মিলনীৰ কাৰ্যকৰী সভাপতি ড০ মুকুল চক্ৰৱৰ্তীয়েও ভাষণ প্ৰদান কৰে।
প্ৰায় তিনিকুৰি আলোচকে অংশগ্ৰহণ কৰা উক্ত আলোচনা চক্ৰৰ আঁতধৰে সম্বয়কদ্ব ক্ৰমে সন্মিলনীৰ প্ৰধান সম্পাদক ড০ ধ্ৰুৰ্জটি শৰ্মা আৰু মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ অশ্বিনী ডেকাই। ইয়াৰ পাচত কালি অনুষ্ঠিত সন্মিলনীৰ প্ৰতিনিধি সভাত নগাঁও, নলবাৰী, শোণিতপুৰ জিলা কে ধৰি বিভিন্ন জিলা আৰু আঞ্চলিক সমিতিসমূৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।