সপোনত শ্ৰীকৃষ্ণই দিলে দৰ্শন! ঝাৰখণ্ডৰ ডুমকাৰ এজন মুছলমান ব্যক্তিয়ে ৪০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিছে মন্দিৰ

 02/13/2022 - 14:07
 
 
 
নিউজ ডেস্কঃ ঝাৰখণ্ডৰ ডুমকাত এজন মুছলমান ব্যক্তিয়ে এটা মন্দিৰ ৪০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি আছে। মন্দিৰত মহাভাৰতৰ সময়ৰ পাৰ্থ অৰ্জুনৰ ৰথী কৃষ্ণ আৰু ৰক্ষক হনুমানৰ এটা মূৰ্তি এখন ঐশ্বৰিক ৰথত স্থাপন কৰা হৈছে। মন্দিৰ নিৰ্মাণৰ কাম সমাপ্ত হৈছে। কাইলৈ অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীত এই মন্দিৰটোৰ বিশাল উদ্বোধন হ’ব। মন্দিৰটোক পাৰ্থসাৰথি মন্দিৰ নামেৰে জনা যাব।
 
নৌশাদ শ্বেখ নামৰ এজন ব্যক্তিয়ে বংগৰ মায়াপুৰ ভ্ৰমণ কৰিবলৈ গৈছিল, সেই সময়ত নৌশাদ শ্বেখে এটা সপোন দেখিছিল। সপোনত ভগৱান শ্ৰীকৃষ্ণই কৈছিল তেওঁক ”আপুনি মোক ক’ত বিচাৰি ফুৰিছে। মই আপোনাৰ স্থানতে আছোঁ।” এই সপোন দেখাৰ পাছতে তেওঁ কৃষ্ণভক্তি কৰাৰ সিদ্ধান্ত লয় আৰু মায়াপুৰৰ পৰা উভতি অহাৰ ঠিক পিছতে নৌশাদ শ্বেখে ৰণেশ্বৰ খণ্ডৰ মহিষাবথান গাঁৱত এটা মন্দিৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। প্ৰায় ৪০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা মন্দিৰটোৰ প্ৰতি সকলোৰে উৎসুকতা বৃদ্ধি পাইছে।
 
নৌশাদ শ্বেখৰ হৃদয় ভগৱান কৃষ্ণৰ প্ৰতি বিশ্বাসেৰে ভৰি পৰিছে। তেওঁৰ সকলো ধৰ্মৰ ওপৰত বিশ্বাস আছে। এই মন্দিৰৰ নিৰ্মাণৰ কাম তেওঁ ২০১৯ চনত আৰম্ভ কৰিছিল। অৱশেষত ২০২২ চনৰ ১৪ ফেব্ৰুৱাৰীত এই মন্দিৰ সকলো ভক্তৰ বাবে মুকলি কৰি দিয়া হ’ব। মন্দিৰ নিৰ্মাণৰ পৰা ইয়াৰ সমগ্ৰ ৰীতি-নীতিলৈকে নৌশাদ শ্বেখে তদাৰক কৰিব। এই মন্দিৰ মুকলি পৰ্বৰ বাবে বিশাল আয়োজন কৰা হৈছে।
 
১০৮ গৰাকী মহিলাই হালধীয়া পোছাক পিন্ধি কলহ যাত্ৰা উলিয়াব। ১০১ গৰাকী মহিলাৰ এটা দলে ঢাক বজাব। ১১ খন গাঁৱৰ ৫১ জন পুৰোহিত ব্ৰাহ্মণে সম্পূৰ্ণ বৈদিক মন্ত্ৰেৰে এই অনুষ্ঠানটো সম্পাদন কৰিব। ভোগ-প্ৰসাদ প্ৰস্তুত কৰিবলৈ এটা পাকঘৰ নিৰ্মাণ কৰা হৈছে আৰু মন্দিৰত নিয়মীয়া পূজা কৰা পুৰোহিতজনৰ বাবে এটা সৰু কোঠাও প্ৰস্তুত কৰা হৈছে। এই মহৎ কৰ্ম কৰিবলৈ পাই নৌশাদৰ হৃদয় আনন্দৰে ভৰি পৰিছে। তেওঁ বিশ্বাস কৰে যে ভগৱান এজনেই আৰু সকলো ধৰ্মৰ প্ৰতি মানুহে সন্মান ৰাখিব লাগে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।