মই মোৰ ভাতৃৰ বাবে জীৱন দিব পাৰিম আৰু সিও মোৰ বাবে জীৱন দিব পাৰিব- প্ৰিয়ংকা গান্ধী

 02/13/2022 - 18:04
 
 
নিউজ ডেস্কঃ দেওবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে মন্তব্য কৰে-মই মোৰ ভাতৃৰ বাবে জীৱন দিব পাৰিম আৰু সিও মোৰ বাবে জীৱন দিব পাৰিব৷উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছিল যে প্ৰিয়ংকা গান্ধী আৰু  ৰাহুল গান্ধীৰ মাজৰ সম্পৰ্কত ফাঁট মেলিছে, এই মন্তব্যৰ উত্তৰতে গান্ধীয়ে এনেদৰে কয়। নেত্ৰী গৰাকীয়ে কয় যে ”যোগী আদিত্যনাথৰ মনত বিবাদ আৰু সংঘাত আছে। এনে লাগে যে বিজেপিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মাজত হোৱা বিভেদৰ বাবে এনে কথা কৈছে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।