কামপুৰৰ কচুৱা থানাৰ অন্তৰ্গত লুটুমাৰী বৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

 02/14/2022 - 12:43
 
 
কামপুৰঃ কামপুৰৰ কচুৱা থানাৰ অন্তৰ্গত লুটুমাৰী বৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত এগৰাকী বিধৱাৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত কেইবালক্ষাধিক টকাৰ সামগ্ৰীৰ ভস্মীভূত হোৱাৰ সন্দেহ। আনুৱাৰা বেগম নামৰ বিধৱা গৰাকী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি দুস্কৃতিকাৰীয়ে ঘৰটো জ্বলাই দিয়াৰ অভিযোগ আহমদ আলি; জাকিৰ হুছেইন আৰু দিলোৱাৰ বেগমৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল। অভিযোগ মতে মহিলা গৰাকীক সমাজৰ পৰা ওলিয়াই দিয়াৰ কৰাৰ ভাবুকিৰে ৫০ হাজাৰ টকা দাবী কৰিছিল আহমদ আলিয়ে। মহিলা গৰাকীয়ে ইতিমধ্যে আইনুল হক আৰু ৰফুল আলিৰ জৰিয়তে ৩০ হাজাৰ টকা আদায় দিছে। বাকী থকা ২০ হাজাৰ টকা আদায় নিদিলে মৃত্যুৰ ভাবুকি দিয়াৰ লগতে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ। দেওবাৰে আনুৱাৰা বেগমে পিতৃৰ কচুৱাৰ শিঙিমাৰীৰ পিতৃ গৃহলৈ যোৱাৰ পিছত আহমদ আলিয়ে ঘৰটো জ্বলাই দিয়াৰ অভিযোগ। ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।