আজি ভেলেন্টাইন ডে’ অৰ্থাৎ প্ৰেমৰ দিৱসঃ আজিৰ দিনটোতে ভেলেন্টাইন ডে’ কিয় পালন কৰা হয় জানেনে?

 02/14/2022 - 14:20
 
 
 
নিউজ ডেস্কঃ ভেলেন্টাইন কোনো এটা দিনৰ নাম নহয় , ভেলেন্টাইন এজন পাদৰীৰ নাম। এই পাদৰীজন ৰোম চহৰত বাস কৰিছিল। সেই সময়ত ৰোম cludius ৰ শাসনত আছিল৷ তেওঁ এজন শাসক হ’বলৈ বিচাৰিছিল৷
 
সেইবাবে তেওঁ বহুত ডাঙৰ সেনাৰ দ’ল বনাব বিচাৰিছিল৷ কিন্তু যিবিলাক বিবাহিত পুৰুষ আছিল তেওঁলোকে সেনাৰ দলত যাব বিছৰা নাছিল৷ সেইবাবে cludius এ ভৱিষ্যতে হ’বলগা বিবাহসমূহত নিয়ম বান্ধি দিছিল৷
 
এই কথা পাদৰী ভেলেন্টাইনৰ ভাল লগা নাছিল আৰু এদিন বিবাহ কৰিবলৈ অহা ল’ৰা-ছোৱালী এহালক মনে মনে বিবাহ পাতি দিয়ে৷ কিন্তু সেই শাসকজনে এই বিষয়ে গম পায় আৰু ভেলেন্টাইনক মৃত্যুদণ্ড দিয়ে৷
 
পাদৰী ভেলেন্টাইনক ১৪ ফ্ৰেব্ৰুৱাৰী ২৬৯ A.D মৃত্যুদণ্ড দিয়া হয়৷ প্ৰেমৰ বাবেই তেওঁ নিজৰ জীৱন উচৰ্গা কৰিছিল বাবে মৃত্যুদিনটোত তেওঁক সুৱৰি সকলোৱে পাদৰী নামেৰে ভেলেন্টাইন ডে অৰ্থাৎ প্ৰেমৰ দিৱস হিচাপে পালন কৰা হয়৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।