02/14/2022 - 16:07
in
বাহাৰঘাটঃ আজিৰে পৰা ১৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব উক্ত মহাবিদ্যালয় সপ্তাহ৷ মহাবিদ্যালয়ৰ আৰবী বিভাগৰ মুৰব্বী অধ্যাপক খাইৰুজ জামানৰ পৰিচালনাত উলিৱা বৰ্নিল শোভাযাত্ৰা উদ্বোধন কৰে মহাবিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ ড০ প্ৰভাত চন্দ্ৰ কলিতাই৷ ভাৰতমাতাৰ প্ৰতিক সন্মিলিত শোভাযাত্ৰাত বিহু, ঝুমুৰ, বাগৰুম্বা, ওজাপালি, ঢোল, বেণ্ডপাৰ্টি, বিয়া নাম, অসমৰ প্ৰকৃতিক দৃশ্যপট সন্মিলিত শোভাযাত্ৰাই মোহিত কৰে অঞ্চলবাসীক৷ গছ থাকিলে হে প্ৰাণী থাকিব, স্বচ্ছ ভাৰত, স্বচ্ছ অসম আৰু স্বচ্ছ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয় শীৰ্ষক মূল মন্ত্ৰৰে উলিৱা শোভাযাত্ৰাটোৱে অঞ্চলটোৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি পুনৰ মহাবিদ্যালয় প্ৰাংগনত সামৰণি মাৰে৷