ভূৰাগাঁও আৰক্ষীৰ বৃহৎ সাফল্যঃ বুজন পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক

 02/14/2022 - 16:51
 
 
লাহৰীঘাটঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ভূৰাগাঁও আৰক্ষীয়ে। এক গোপন সূত্ৰৰ পম খেদি দুগৰাকীকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে ছাদ্দাম হুছেইন আৰু হাবিজুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। ধৃত ছাদ্দাম হুছেইনৰ ঘৰ লাহৰীঘাটৰ গৰম বজাৰত আৰু হাবিজুল ইছলামৰ ঘৰ ভূৰাগাৱৰ বটালীমাৰী বুলি জানিব পৰা গৈছে। ভূৰাগাঁও আৰক্ষীয়ে ধৃত লোক দুজনৰ বিৰুদ্ধে U/s 21(b)/25/29 NDPS Act ত এক গোচৰ ৰুজু কৰি মৰিগাঁও জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.