গোলাঘাটত ছয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ উদ্যোগত ২ঘণ্টীয়া অৱস্থান ধৰ্মঘট

 02/14/2022 - 19:15
 
 
গোলাঘাটঃ ৰাজ্যত পুনৰ আৰম্ভ আন্দোলনৰ কাৰ্যসূচী৷ তেওঁলোকৰ মতে আন্দোলন নকৰিলে অসমত একো নাপায়৷ সেয়ে আজি গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ ত্ৰিমূৰ্ত্তি ক্ষেত্ৰত চুতীয়া, টাই আহোম, মৰাণ, মটক, কোঁচ ৰাজবংশীৰ লগতে চাহ জনগোষ্ঠীয়েও একেলগে একে মঞ্চতে মিলিত হৈ ৰাজ্যৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী তথা গোলাঘাটৰ স্থানীয় বিধায়িকা অজন্তা নেওগ আৰু মুখ্যমন্ত্ৰী গৰাকীলৈ অতি শীঘ্ৰে ছয় জনগোষ্ঠীক জনজাতীকৰণৰ বাবে দাবী উত্থাপন কৰি জিলাখনৰ অতিৰিক্ত উপায়ুক্তৰ যোগেদি স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷
 
লগতে অনাগত লোকসভা নিৰ্বাচনৰ আগমূহুৰ্তত তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবলৈ দাবী জনাই৷ অন্যথা ইয়াতকৈও তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে৷ গতিকে এই ক্ষেত্ৰত উক্ত সমস্যাৰ ক্ষেত্ৰত চৰকাৰখনে কেনে ব্যৱস্থা গ্ৰহণ কৰিব অনাগত সময়ত সেইটোহে অধিক গুৰুত্বপূৰ্ণ হ’ব৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।