মাৰ্ঘেৰিটাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক দল সংগঠনৰ সম্বৰ্ধনা: উত্তৰ পূবত স্থাপন কৰিব ফুড প্ৰচেচিং প্ৰশিক্ষণ কেন্দ্ৰ

 06/07/2019 - 11:49

মাৰ্ঘেৰিটা: ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা বিজেপি দলৰ হৈ তিনিলাখৰো অধিক বিপুল ভোটত জয়লাভ কৰি কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংশোধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰূপে দায়িত্বভাৰ লোৱা ৰামেশ্বৰ তেলীয়ে বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ তিনিচুকীয়া, ডিগবৈৰ পাছতে মাৰ্ঘেৰিটাত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত ভাগ লয় ৷ ভাৰতীয় জনতা পাৰ্টী মাৰ্ঘেৰিটা ব্লক মণ্ডল আৰু সদৰ মণ্ডলৰ উদ্যোগত মাৰ্ঘেৰিটাস্থিত ইণ্ডিয়া ক্লাৱৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানলৈ মন্ত্ৰীজনক গায়ন বায়ন তথা বিভিন্ন সাংস্কৃতিক দলৰ অংশগ্ৰহণেৰে আদৰি অনা হয়।

সম্বৰ্ধনা অনুষ্ঠানটোত মাৰ্ঘেৰিটাৰ বিজেপি দলৰ কেইবাশতাধিক নেতা-কৰ্মী উপস্থিত থাকে৷ উল্লেখ্য যে ভাৰত চৰকাৰৰ খাদ্য সংশোধন উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত মন্ত্ৰীজনে প্ৰথমবাৰৰ বাবে এনেদৰে মাৰ্ঘেৰিটাত উপস্থিত হয়৷ মন্ত্ৰীজনে সৰ্বপ্ৰথমে মাৰ্ঘেৰিটাত উপস্থিত হৈ সকলোৰে আৰ্শীবাদ বিছাৰে৷ তেওঁ লগতে কয় যে ৰাইজৰ আশীৰ্বাদৰ অবিহনে এইয়া সম্ভৱ নহ'লহেঁতেন।

মন্ত্ৰী তেলীয়ে দেশৰ অন্যান্য ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো উদ্যোগৰ জৰিয়তে শিক্ষিত নিবনুৱাক কৰ্মসংস্থাপন দি নিবনুৱা সমস্যা সমাধানৰ চেষ্টা কৰিব বুলি মন্তব্য প্ৰকাশ কৰে৷ অনুষ্ঠানটোত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাষ্কৰ শৰ্মা, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ লগতে বিজেপি ব্লক মণ্ডল আৰু সদৰ মণ্ডলৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে৷ সম্বৰ্ধনা অনুষ্ঠানটোত ডেৰশৰো অধিক দল সংগঠনে কেন্দ্ৰীয় মন্ত্ৰী তেলীক সম্বৰ্ধনা জ্ঞাপন কৰে৷ মন্ত্ৰী তেলীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে সংবাদমাধ্যমৰ আগত।

তেওঁ অৰুণাচল আৰু মণিপুৰত ২০০ কোটিৰ অধিক টকাৰে মেগা ফুড পাৰ্ক স্থাপন কৰা, অসমৰ নলবাৰীত মেগা ফুড পাৰ্কৰ কাম চলি আছে তাক ক্ষীপ্ততাৰে সম্পূৰ্ণ কৰা, উত্তৰ পূৰ্বাঞ্চলত ফুৰ্ড প্ৰৰ্চেচিং প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ জৰিয়েতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ ব্যৱস্থা কৰা, মাৰ্ঘেৰিটাৰ লেখাপানীত স্থাপন হ’ব লগা কয়লা ভিত্তিক তাপবিদ্যুৎ প্ৰকল্পৰ কাম বনবিভাগৰ সেউজ সংকটৰ বাবে কাম আৰম্ভ কৰিব পৰা হোৱা নাই গতিকে এই সম্পৰ্কে আলোচনা কৰি আৰম্ভ কৰা, অসমৰ পৰা গৈয়ে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰীক লগ ধৰি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়নৰৰ বাবে দাবী জনোৱা আদিৰ কথা প্ৰকাশ কৰে তেলীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।