আছাদুদ্দিন ওৱেচী ৰামৰ বংশৰ- ব্ৰজভূষণ চৰন সিং

 02/15/2022 - 12:22
 
 
নিউজ ডেস্কঃ আছাদুদ্দিন ওৱেচী ৰামৰ বংশৰ এই মন্তব্য এগৰাকী বিজেপি নেতাৰ। নিৰ্বাচনী প্ৰচাৰৰ মাজতে উত্তৰ প্ৰদেশৰ বিজেপি সাংসদ ব্ৰজভূষণ চৰন সিঙে সাংসদ আছাউদ্দিন ওৱেচিক কটাক্ষ কৰি বিভিন্ন মন্তব্য কৰে। বিজেপি সাংসদ গৰাকীয়ে কয় যে ”ওৱেচী ভগৱান ৰামৰ বংশধৰ। তেওঁ ইৰাণী নহয়, ক্ষত্ৰিয়হে”। নিজ পুত্ৰ আৰু বিজেপিৰ প্ৰাৰ্থী প্ৰতীক ভূষণ সিঙৰ বাবে আয়োজিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে সাংসদ গৰাকীয়ে। তেওঁ কয় যে, ”প্ৰতীকে জয়লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওচৰত থিয় হ’ব কিন্তু প্ৰতীকৰ বাহিৰে আন কোনোবা জয়ী হলে তেওঁ সন্ত্ৰাসবাদীৰ সৈতে থিয় হব”।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।