আজি গেলিলিঅ’ গেলিলিৰ জন্মদিন

 02/15/2022 - 14:56
 
 
 
নিউজ ডেস্কঃ ১৫৬৪ চনৰ ১৫ ফেব্ৰুৱাৰীত গেলিলিঅ’ৰ জন্ম হৈছিল ইটালীৰ পিছা নগৰীত। গেলিলিঅ’ক দেউতাকে চিকিত্সা শাস্ত্ৰ অধ্যয়ণ কৰিবৰ বাবে উদগণি দিছিল; কিন্তু তেওঁৰ ৰাপ আছিল গণিত বিজ্ঞানতহে। তেওঁ বিশ্ববিদ্যালয় এৰি থৈ গৈছিল গণিত শাস্ত্ৰত গভীৰভাবে মনোনিবেশ কৰিবৰ কাৰণে। ষোল্ল আৰু সোতৰ শতিকাৰ মহান বিজ্ঞানীসকলৰ মাজত গেলিলিঅ’ গেলিলি অন্যতম- যি নিজৰ যুগান্তকাৰী আৱিস্কাৰসমূহৰ জৰিয়তে মানৱ জাতিৰ বৈজ্ঞানিক চিন্তাৰ বিকাশৰ ক্ষেত্ৰত প্ৰভূত প্ৰভাৱ বিস্তাৰ কৰি গৈছে।
 
এই মহান বিজ্ঞানীজনে নিজে নিৰ্মান কৰি লোৱা টেলিস্ক’পৰ সহায়ত বিভিন্ন গুৰুত্বপূৰ্ণ আৱুস্কাৰ কৰি এৰিষ্ট’টলৰ যুগৰে পৰা মানৱ জাতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি অহা বহু চিন্তাৰ ওৰ পেলাইছিল। ওকল সেয়াই নহয়, বস্তুৰ গতি সম্পৰ্কীয় ভ্ৰান্ত ধাৰণা দূৰ কৰাৰ উপৰি পৃথিৱীৰ গতিপথ সম্পৰ্কীয় অবৈজ্ঞানিক ধাৰণা আৰু অন্ধবিশ্বাসবোৰ দূৰ কৰাত যুগান্তকাৰী ভূমিকা গ্ৰহণ কৰিছিল।বিশ্ববিদ্যালয়ত অধ্যয়ণ কৰি থকা দিনতে গেলিলিঅ’ই পেণ্ডুলামৰ বিধি আৱিস্কাৰ কৰিছিল। কথিত আছে যে এটা স্থানীয় কেথেড্ৰলত এটা লেম্প ইফালৰ পৰা সিফাললৈ এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে দুলি থকা দেখি তেওঁ পেণ্ডুলামৰ বিধি আৱিস্কাৰ কৰিবলৈ সক্ষম হয়।
 
এই বিধি আৱিস্কাৰৰ পিছত পেণ্ডুলাম ঘড়ী বা দেৱাল ঘড়ী তেওঁ উদ্ভাৱন কৰিছিল। বেৰোমিটাৰ আৰু ভাপ ইঞ্জিনৰ বিকাশো গেলিলিঅ’ আৱিস্কাৰসমূহৰ ফলত সহজসাধ্য হৈছিল।পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে- এই সত্য উক্তিৰ বাবে খৃষ্টান যাজক শ্ৰেণীৰ আক্ৰমণৰ হোৱাৰ আগতেই গেলিলিঅ’ৰ আন এক আৱিস্কাৰে এৰিষ্ট’টলৰ যুগৰ চিন্তাধাৰাৰ যতি পৰাত সহায় কৰিছিল। সেইটো আছিল তললৈ সৰি পৰা বস্তুৰ গতি-বেগ সম্পৰ্কীয় বিধি। তেওঁ প্ৰমাণ কৰিছিল যে দুটা ভিন্ন ওজনৰ বস্তু তললৈ পৰোতে একেটা বেগেৰে গতি কৰে।
 
কাহিনী অনুসৰি গেলিলিঅ’ৰ এই কথা প্ৰণাণ কৰিবৰ বাবে পিছা নগৰীৰ হেলনীয়া স্তম্ভটো বাছি লৈছিল। এই স্তম্ভৰ শীৰ্ষৰ পৰা এটা ১০০ পাউণ্ড আৰু এটা ১ পাউণ্ডৰ বল একেলগে পেলাই দিয়াত দুয়োটা একে সময়তে তলত পৰিছিল। গেলিলিঅ’ৰ কথা সত্য প্ৰমাণিত হৈছিল; কিন্তু তথাপি তেওঁক বিশ্ববিদ্যালয়ৰ চাকৰি ত্যাগ কৰিবলৈ বাধ্য কৰা হৈছিল।পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি কোৱাৰ অপৰাধত ১৬১৬ চনত যাজকসকলৰ এক ৰুদ্ধদ্বাৰ বিচাৰ কক্ষত গেলিলিঅ’ক ধৰ্মদ্ৰোহী হিচাপে বিচাৰ কৰা হয়।
 
কিন্তু কেথলিক চাৰ্চৰ এনে ভাবুকিত তেওঁ ভয় খোৱাও নাছিল। তেওঁ অতি আপোচহীন ভাবে ৰোমান কেথলিক চাৰ্চৰ সাবধান বাণীক আওকাণ কৰাত ১৬৩৩ চনত পুণৰ ধৰ্মদ্ৰোহিতাৰ অভিযোগত বিচাৰ কক্ষলৈ টানি অনা হয় গেলিলিঅ’ক। কেথলিক চাৰ্চৰ তৰফৰ পৰা গেলিলিঅ’ক তেওঁৰ বিশ্বাসৰ বিৰুদ্ধে যাবলৈ বাধ্য কৰা হয়; কিন্তু কাহিনী অনুসৰি তেওঁ অশান্তি আৰু শান্তিৰ হাত সাৰিবলৈ ধৰ্মযাজকসকলে কোৱামতেই পৃথিৱী সূৰ্যৰ চাৰিওফালে নুঘূৰে বুলি ক’লেও লগতে নিজকে কৈছিল যে, তথাপিও পৃথিৱীয়েই ঘূৰে।‘ বৃদ্ধ গেলিলিঅ’ ধৰ্মদ্ৰোহিতাৰ অপৰাধত ভুগিব লগা বন্দীত্বৰ পৰা মুক্তি দিয়াৰ সময়ত তেওঁ দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল। দৃষ্টিশক্তিহীন এই বিজ্ঞানীজনৰ মৃত্যু হয় ১৬৪২ চনৰ ৮ জানুৱাৰীত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।