উপেক্ষিত এখন গাঁও: চৰকাৰে বিশেষভাৱে ঘোষণা কৰা অসমৰ একমাত্ৰ 'নেমু গাঁও'ত নাই কোনো চৰকাৰী সাহাৰ্য

 06/07/2019 - 12:33

ইন্দ্ৰজিত গগৈ: ২০১৮ বৰ্ষৰ আগষ্ট মাহতেই জিলা প্ৰশাসনে অঞ্চলটোক ঘোষণা কৰিছিল এখন বিশেষ গাঁও "নেমু গাঁও" ৰূপে৷ অসমৰ একমাত্ৰ স্বীকৃতিপ্ৰাপ্ত "নেমু গাঁও"ক লৈ সকলো গাঁওবাসীয়ে ৰছিচিল সপোন৷ আশা কৰিছিল চৰকাৰী সা-সুবিধাৰ যোগেদি নেমু ব্যৱসায়টো আগুৱাই নিব৷ স্বাৱলম্বী হ'ব হাজাৰ হাজাৰ কৃষক, হাজাৰ জন নিবনুৱা যুৱক যুৱতী৷ কিন্তু তেওঁলোকৰ সপোনবোৰ সপোন হৈয়ে ৰ'ল৷ ঘোষণা কৰা আজি প্ৰায় এটা বছৰেই অতিক্ৰম কৰিবলৈ হ'ল যদিও চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ সহায় বা ফুটা কড়ি এটাও পাবলৈ সক্ষম নহ'ল অসম অৰুণাচল সীমান্তৱৰ্তী নানান সমস্যাৰে আৱৰি থকা অতি পিছপৰা এই বৃহত্তৰ অঞ্চলবাসী দুখীয়া ৰাইজ৷

কাকপথাৰৰ ডিৰাকৰ বৃহৎ পাঁচখন গাঁৱক সামৰি "নেমু গাওঁ" ৰূপে ঘোষণা কৰা জিলা প্ৰশাসনে মাত্ৰ এখন নাম ফলক লগাই তেওঁলোকৰ দায়িত্ব সামৰিলে৷ ভুক্তভুগী কৃষকে জানিবলৈ দিয়া মতে দৈনিক এক ট্ৰাকতকৈ অধিক নেমু অঞ্চলটোৰ পৰা ৰপ্তানি হয়৷ "আসাম লেমন" নামেৰে বিখ্যাত প্ৰতিটো নেমুত চল্লিশ পইচাৰ পৰা সৰ্বাধিক মাত্ৰ আশী পইচালৈকে পোৱা কৃষকসকলে এখন ভাল বজাৰ পাবলৈ সক্ষম হোৱা নাই৷

উক্ত অঞ্চলৰ পৰা মাত্ৰ দহ কি:মি: নিলগৰ কাকপথাৰ দৈনিক বজাৰত দহ টকাত তিনিটা নেমু দাম পোৱা কাৰ্যই প্ৰকৃত কৃষকতকৈ যে মধ্যভুগীয়েহে দাম নিৰ্ধাৰণ কৰে সেইয়া সহজেই অনুমান কৰিব পাৰি৷ ডিৰাক পাৱৈ, টৰাজনীয়া, ডিৰাক মুখ, ঠেপাবাৰী, ২নং ডিৰাক আদি বৃহৎ অঞ্চলসমূহত মাত্ৰ নেমু অঞ্চল ঘোষণা কৰাৰ বিপৰীতে চৰকাৰী সা-সাহাৰ্য পালে হাজাৰ হাজাৰ নিবনুৱা যে স্বাৱলম্বী হ'ব সেইয়া নিশ্চিত৷ সেইবাবে গাওঁবাসীয়ে চৰকাৰ তথা প্ৰশাসনৰ পৰা সহায় সহযোগিতা তথা অনুদান কামনা কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।