ধুবুৰীত পৌৰসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল

 02/15/2022 - 18:29
 
 
ধুবুৰীঃ আজি পৌৰসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন, ধুবুৰীত তিনিখন সমষ্টিৰ পৌৰসভা নিৰ্বাচনৰ প্ৰাৰ্থীত্বসকলে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত, ইপিনে তিনিখন সমষ্টি হৈছে ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ। তিনিখন সমষ্টিৰ পৌৰসভা নিৰ্বাচনৰ বিভিন্ন ৱাৰ্ডৰ প্ৰাৰ্থীত্ব সকলোৰ জ্ঞানৰ নমুনা দেখিলে আপুনি হয়তো হতভম্ব হৈ পৰিব, এই গৰাকী মামপি ঘোষ, তেওঁ গোলোকগঞ্জ সমষ্টিৰ ৮ নম্বৰ ৱাৰ্ডৰ কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁৰ জ্ঞানৰ নমুনা সকলো প্ৰাৰ্থীত্বৰকৈ বেলেগ, তেওঁ আহিছে, মনোনয়ন পত্ৰ দাখিল কৰিবলৈ, এই গৰাকী প্ৰাৰ্থী মামপি ঘোষে নাজানে কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ নাম, লগে লগে কৈ দিলে ৰাজ্যিক সভাপতিৰ নাম উত্তম কুমাৰৰ সৰকাৰ,  এই গৰাকী প্ৰাৰ্থী হৈছে ধুবুৰী ৮ নম্বৰ ৱাৰ্ডৰ অসম গণপৰিষদ দলৰ প্ৰাৰ্থী তেওঁৰ জয়ৰ সম্ভাৱনা আছে, তেওঁ নাজানে ধুবুৰী জিলা উপায়ুক্তৰ নাম, তেওঁ কৈ দিলে পেটত আছে মুখত নাই, এই গৰাকী প্ৰাৰ্থী হৈছে ধুবুৰী পৌৰসভা ১১ নম্বৰ ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী মুকেশ কুমাৰ সিং তেওঁক সাংবাদিকে প্ৰশ্ন কৰাৰ আগতে কৈদিলে মোক বাহিৰৰ প্ৰশ্ন নকৰিব, এই হৈছে ধুবুৰী পৌৰসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ জ্ঞানৰ নমুনা আৰু এজন ১১ নম্বৰ ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী ৰতন কুমাৰ সহা, তেওঁ ১০০% জয়ী হ'ব তেওঁ কিন্তু নাজানে ধুবুৰী আৰক্ষী অধীক্ষকৰ নাম,নাজানে ধুবুৰী জিলা উপায়ুক্তৰ তেওঁ লোকে পৌৰসভাৰ নিৰ্বাচনত জয়ী হৈ ৰাইজৰ কি কাম কৰিব,এয়াই হৈছে এক এক প্ৰাৰ্থীৰ জ্ঞানৰ নমুনা। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।