02/16/2022 - 12:39
in
শালবাৰীঃ বাক্সাৰ আম্ৰাটাৰীত শোকাবহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰিল চাৰিচকীয়া বাহন। ঘটনাস্থলীতে মৃত্যু ৮ বছৰীয়া মৃন্ময় মেধি নামৰ শিশুৰ। গুৰুতৰভাৱে আহত মৃত শিশুটিৰ পিতৃ মৃগেন মেধিক চিকিৎসালয়লৈ প্ৰেৰণ। দুৰ্ঘটনাত পতিত চাৰিচকীয়া বাহন খনৰ নম্বৰ AS-14-H-6539 । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিশুটিৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। শহুৰৰ ঘৰ ৰৌমাৰীৰ পৰী আনন্দ বজাৰ হাটখোলাৰ নিজ গৃহলৈ গৈ থকা অৱস্থাত পুৱতি নিশা সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।