02/16/2022 - 12:47
in
নিউজ ডেস্কঃ অসম বুৰঞ্জীৰ অন্যতম মহানায়ক বীৰ চিলাৰায় আজি জন্ম দিৱস। বীৰ চিলাৰায়ৰ জন্ম ১৫১০ চনত আৰু মৃত্যু ১৫৭১ চনত। প্ৰকৃত নাম আছিল শুক্লধ্বজ। চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল বাবে পিচলৈ তেওঁৰ নাম হৈ পৰিছিল বীৰ চিলাৰায়। তেওঁৰ স্মৰণত, ২০০৫ চনৰে পৰা অসম চৰকাৰে মাঘী পূৰ্ণিমাৰ দিনা তেওঁৰ জন্মৰ দিনটোত চিলাৰায় দিৱস হিচাপে উদযাপন কৰিব বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰাৰ পিচৰে পৰা সমগ্ৰ অসমজুৰি চৰকাৰী আৰু বেচৰকাৰী ভাবে চিলাৰায় দিবস উদযাপন কৰি অহা হৈছে।
ইতিহাসত পোৱা যায় যে, কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্ব সিংহই ১৯ গৰাকী কুঁৱৰী বিবাহ কৰাইছিল। কুঁৱৰী সকলৰ ভিতৰত জ্যেষ্ঠ গৰাকী নেপালৰ আছিল– তেওঁৰ পুত্ৰ নৰসিংহ। গৌড়ৰ দুগৰাকী কুঁৱৰী আছিল: হেমপ্ৰভা আৰু পদ্মাৱতী দেৱী। নৰ নাৰায়ণ হেমপ্ৰভাৰ পুত্ৰ আৰু শুক্লধ্বজ পদ্মাৱতীৰ পুত্ৰ আছিল। বিশ্ব সিংহৰ মুঠ ১৯ জন পুত্ৰৰ আছিল বুলি বুৰঞ্জীত পোৱা যায়।